১৫০ গৰাকী প্ৰাক্তন সেনাৰ চৰকাৰৰ বিৰুদ্ধে লিখা পত্ৰক লৈ বিতৰ্কঃ ৰাষ্ট্ৰপতি ভৱনে লাভ কৰা নাই কোনো পত্ৰ

১৫০ গৰাকী প্ৰাক্তন সেনাৰ চৰকাৰৰ বিৰুদ্ধে লিখা পত্ৰক লৈ বিতৰ্কঃ ৰাষ্ট্ৰপতি ভৱনে লাভ কৰা নাই কোনো পত্ৰ

author-image
asomiyapratidin
New Update
১৫০ গৰাকী প্ৰাক্তন সেনাৰ চৰকাৰৰ বিৰুদ্ধে লিখা পত্ৰক লৈ বিতৰ্কঃ ৰাষ্ট্ৰপতি ভৱনে লাভ কৰা নাই কোনো পত্ৰ

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাক ৰাজনীতিকৰণ কৰাৰ বিৰুদ্ধে দেশৰ ৩ সৈন্য বিভাগৰ ১৫০ গৰাকী প্ৰাক্তন সেনাই ৰাষ্ট্ৰপতিলৈ লিখা পত্ৰক লৈ বিতৰ্ক গভীৰ হৈ পৰা পৰিলক্ষিত হৈছে। সূত্ৰ অনুসৰি, লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে এই পত্ৰখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হোৱা বুলি জানিব পৰা গৈছে যদিও আনফালে ৰাষ্ট্ৰপতি ভৱনৰ এক সূত্ৰই তেনে কোনো পত্ৰ লাভ নকৰা বুলি সদৰি কৰে। ইফালে, প্ৰাক্তন বায়ুসেনা প্ৰধান এয়াৰ চীফ এন চি সুৰীয়েও এই পত্ৰ সন্দৰ্ভত একো নাজানো বুলি কোৱাৰ লগতে এনে কোনো পত্ৰৰ বাবে তেওঁৰ পৰা অনুমতি লোৱা হোৱা নাই বুলি মন্তব্য কৰে। লগতে তেওঁ কয় যে ভাৰতীয় সেনা ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় আৰু কোনো চৰকাৰৰ নিৰ্দেশতো কাম নকৰে।

অন্যহাতে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণেও সুৰীৰ কথাতে সুৰ মিলাই এনে ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে। তেওঁ তেনে কোনো পত্ৰ লিখা হোৱা নাই বুলি অস্বীকাৰ কৰে যদিও সাংবাদিকে কেইবাগৰাকীও প্ৰাক্তন সেনাই এই পত্ৰ লিখাৰ কথা স্বীকাৰ কৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে তেওঁ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়াকৈ কংগ্ৰেছেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কংগ্ৰেছৰ প্ৰবক্তা প্ৰিয়ংকা চতুৰ্বেদীয়ে শুকুৰবাৰে এক সংবাদ মেলত বিজেপিক আক্ৰমণ কৰি কয়, 'ভাৰতৰ ইতিহাসৰ ভিতৰতে প্ৰথমবাৰলৈ এনে ঘটনা সংঘটিত হৈছে যে দেশৰ স্বাৰ্থত চৰকাৰৰ বিৰুদ্ধে প্ৰাক্তন সেনা ওলাই আহিব লগা হৈছে। ১৫৬ গৰাকী প্ৰাক্তন সশস্ত্ৰ জোৱানে চৰকাৰৰ বিৰোধিতা কৰিছে, যাৰ ভিতৰত ৮ গৰাকী প্ৰাক্তন সেনাপ্ৰধান আছে।'