ৰাহুল গান্ধীয়ে কৰিব পাৰে পদত্যাগ!

ৰাহুল গান্ধীয়ে কৰিব পাৰে পদত্যাগ!

author-image
asomiyapratidin
New Update
ৰাহুল গান্ধীয়ে কৰিব পাৰে পদত্যাগ!

ডিজিটেল ডেস্কঃ মোডী চুনামীৰে যুঁজ দিবলৈ গৈ পুনৰ এবাৰ বিধ্বস্ত হ'ল কংগ্ৰেছ। একেৰাহে দ্বিতীয়বাৰলৈ পৰাজয়ৰ সন্মুখীন হৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে এই পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈছে। ২০১৭ চনত অধ্যক্ষ হিচাপে কংগ্ৰেছৰ নেতৃত্ব বহন কৰা ৰাহুল গান্ধীৰ নেতৃত্বত মধ্য প্ৰদেশ, ৰাজস্থান, তেলাংগানৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ভাল ফল প্ৰদৰ্শন কৰিলে ঠিকেই, কিন্তু দেশৰ সৰ্ববৃহৎ নিৰ্বাচনটোতেই মুখ থেকেচা খাব লগা হ'ল। অৱশ্যে ২০১৪ চনত মাত্ৰ ৪৪ খন আসন লাভ কৰা কংগ্ৰেছে ২০১৯ত আসনৰ সংখ্যা ৫২ কৰিবলৈ সক্ষম হ'ল।

Advertisment

কিন্তু এয়া সফলতা নহয়। কংগ্ৰেছে পুনৰ এবাৰ নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ হাতত পৰাস্ত হোৱাই নহয়, কেইবাখনো ৰাজ্যত দলটোৱে এখন আসনো লাভ কৰিবলৈ সক্ষম নহ'ল। উত্তৰ প্ৰদেশত দিন ৰাতি একাকাৰ কৰি প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা সত্বেও খোদ ৰাহুল গান্ধীয়েই গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ আমেথি লোকসভা সমষ্টিত স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হ'ল। ইউপিএৰ অধ্যক্ষা ছোনীয়া গান্ধীয়ে কোনোমতে ৰায়বৰেলীত জয়লাভ কৰি উত্তৰ প্ৰদেশত কংগ্ৰেছৰ মান ৰক্ষা কৰিবলৈ সক্ষম হ'ল।

কংগ্ৰেছৰ এনে বিধ্বস্ত অৱস্থাৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে সম্বোধন কৰা সংবাদ মেলতে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু মাতৃ তথা ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীৰ বুজনিত তেওঁ সাময়িকভাৱে সেই সিদ্ধান্ত বাতিল কৰে। অৱশ্যে কংগ্ৰেছ ৱৰ্কি কমিটীৰ বৈঠকত তেওঁৰ পদত্যাগ সন্দৰ্ভত আলোচনা কৰা হ'ব।

উল্লেখ্য যে, বৃহস্পতিবাৰে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে এক সংবাদ মেল সম্বোধন কৰিছিল। সংবাদ মেলত তেওঁ দলৰ পৰাজয় স্বীকাৰ কৰি লোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো অভিনন্দন জনায়। ইয়াৰ পূৰ্বে তেওঁ পদত্যাগৰ সিদ্ধান্ত লৈ মাতৃ ছোনীয়া গান্ধীলৈ ফোন কৰি এই বিষয়ে অৱগত কৰে। ছোনীয়া গান্ধীয়ে লগে লগে কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ সৈতে আলোচনা কৰে এই সন্দৰ্ভত।

আলোচনাৰ অন্তত ছোনীয়া গান্ধীয়ে ৰাহুলক বুজায় যে সংবাদ মেলত যদি তেওঁ পদত্যাগ কৰে, তেন্তে এক ভুল বাৰ্তা প্ৰচাৰ হ'ব। গতিকে সংবাদ মেলত পদত্যাগ নকৰি এই সন্দৰ্ভত ২৫ মে'ত অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত আলোচনা কৰা উচিত। সেই একে সময়তে মাতৃ ছোনীয়া গান্ধীয়ে কংগ্ৰেছ নেতা আহমদ পেটেল আৰু প্ৰিয়ংকা গান্ধীকো ৰাহুল গান্ধীৰ বাসভৱনলৈ মাতি পঠিয়ায়।

ইফালে বিভিন্ন জনে ৰাহুল গান্ধীৰ পদত্যাগৰ দাবী উত্থাপন কৰিলেও কংগ্ৰেছৰ বহু নেতাই ৰাহুল গান্ধীক এজন দক্ষ নেতা বুলিয়েই এতিয়াও স্বীকাৰ কৰে। কিন্তু ২৫ মে'ত অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকৰ অন্ততহে নিশ্চিত হ'ব ৰাহুল গান্ধীয়ে পদত্যাগ কৰে নে নাই। আৰু যদি তেওঁ পদত্যাগ কৰে, তেন্তে কংগ্ৰেছৰ নেতৃত্ব কোনে বহন কৰিব তাক লৈও চলিছে আলোচনা।