লোকসভাত অকলশৰীয়া ৰাহুল গান্ধী! ৫ বন্ধুৰ পৰাজয়…

লোকসভাত অকলশৰীয়া ৰাহুল গান্ধী! ৫ বন্ধুৰ পৰাজয়…

author-image
asomiyapratidin
New Update
লোকসভাত অকলশৰীয়া ৰাহুল গান্ধী! ৫ বন্ধুৰ পৰাজয়…

ডিজিটেল ডেস্কঃ সপ্তদশ লোকসভা নিৰ্বাচনত গেৰুৱা দলক প্ৰতিহত কৰিবলৈ গৈ নিজেই বিধ্বস্ত হ'ল কংগ্ৰেছ। ১০০ খন আসনো লাভ কৰিব নোৱাৰা কংগ্ৰেছ দলৰ বহু জ্যেষ্ঠ নেতা পৰাজয়বৰণ কৰিছে নিৰ্বাচনত। ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড সমষ্টিত জয়লাভ কৰিছে যদিও আমেথিত স্মৃতি ইৰাণীৰ বিৰুদ্ধে ৫৫,১২০ টা ভোটত পৰাজিত হয়।

Advertisment

এই নিৰ্বাচনত ৰাহুলৰ ৫ জন বন্ধু পৰাজিত হৈছে,যাক সংসদত প্ৰায়ে ৰাহুলৰ সৈতে দেখা যায়। মধ্যপ্ৰদেশৰ গুনা সমষ্টিত কংগ্ৰেছৰ জ্যোতিৰাদিত্য সিন্ধিয়া প্ৰথমবাৰৰ বাবে পৰাজয়বৰণ কৰে। বিজেপি প্ৰাৰ্থী কৃষ্ণপাল যাদৱৰ বিৰুদ্ধে ১,২৫,৫৪৯ টা ভোটত পৰাভূত হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। হাৰিয়ানাৰ ৰোহতক সমষ্টিত পৰাজয়বৰণ কৰিলে কংগ্ৰেছৰ দিপেন্দ্ৰ সিং হুড্ডাই। বিজেপি প্ৰাৰ্থী অৰবিন্দ কুমাৰৰ বিৰুদ্ধে ৭,৫০৩ টা ভোটৰ ব্যৱধানত পৰাস্ত হয় সিং।

ইয়াৰ বাহিৰেও উত্তৰ প্ৰদেশ ধৌৰাৰা লোকসভা সমষ্টিত পৰাস্ত হয় কংগ্ৰেছৰ হেভীৱেট প্ৰাৰ্থী জিতিন কুমাৰ। নিৰ্বাচনত পৰাজিত ৰাহুলৰ ঘনিষ্ঠ আন দুজন প্ৰাৰ্থী মিলিন্দ দেৱড়া আৰু সুস্মিতা দেৱ।