/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4vbBlAXkAEZncm.jpg)
ডিজিটেল ডেস্কঃ আমেথি লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীৰ মনোনয়ক লৈ বিতৰ্ক চলি থকাৰ সময়তে নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰিছে। ইফালে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী তথা দলটোৰ অধ্যক্ষগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। কংগ্ৰেছৰ দুৰ্গস্বৰূপ এই সমষ্টিটোৰ এইবাৰো ৰাহুল গান্ধীৰ বিৰুদ্ধে থিয় দিছে বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰাণী। স্মৃতি ইৰাণীয়েই দুদিন পূৰ্বে ৰাহুল গান্ধীৰ হাতত বিদেশী পাছপৰ্ট থকাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ মনোনয়ন পুনৰীক্ষণৰ বাবে আহ্বান জনাইছিল।
সোমবাৰে সমষ্টিটোত ৰাহুল গান্ধীয়ে এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। পুনৰ এবাৰ তেওঁ 'চকীদাৰ চোৰ' শ্ল'গানেৰে নৰেন্দ্ৰ মোডীক সমালোচনা কৰা পৰিলক্ষিত হয়। বিজেপিয়ে দৰিদ্ৰৰ মুখৰ ৰুটী কাঢ়ি নিয়া বুলি অভিযোগ কৰি কয়, 'বিজেপিয়ে আজি নিজৰ মানুহৰ পৰাই চুৰি কৰিছে। আমি আপোনালোকক যি যি দিছিলো, সেয়া মোডীয়ে এতিয়া এটা এটাকৈ কাঢ়ি নিছে।'
ইফালে, জনসভাত তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰি কয়, 'আজি সংবাদ মাধ্যমৰ লোকসকলে চকীদাৰ চোৰ বুলি ক'লে হাঁহে। কাৰণ তেওঁলোকৰ উপায় নাই। আজি যদি তেওঁলোকে তেওঁলোকৰ কথা কয়, তেন্তে মোডীৰ পিটন খাব লাগিব। কিন্তু তেওঁলোকেই কেমেৰা লৈ মোডীৰ 'মনৰ কথা' শুনিব লগা হয়। এয়াই তেওঁলোকৰ এতিয়া বৰ্তমানৰ পৰিস্থিতি।'
২০১৯ৰ পিছত এই পৰিস্থিতিৰ উপশম হ'ব বুলি দাবী কৰি ৰাহুলে কয়, 'ভয় নাখাব, ২০১৯ৰ পিছত আপোনালোকে যি ইচ্ছা সেয়াই কৰিব পাৰিব। মুকলিকৈ লিখিব পাৰিব। মোৰ বিৰুদ্ধেও আপোনালোকে লিখিব পাৰিব। আপোনালোকক বাধা দিবলৈ কোনো নাহে। আপোনালোকৰ স্বাধীনতা খৰ্ব হ'বলৈ আমি নিদিও।'
#WATCH Rahul Gandhi in Amethi: Press wale has rahe hain kyunki inhone agar apne 'mann ki baat' kardi to inko do dande padenge, Narendra Modi ji maarenge……..ghabraiye mat 2019 ke chunaav ke baad aapko jo likhna ho likhna, humare khilaaf bhi likhna hoga likh lena. pic.twitter.com/PxQOl7jTYB
— ANI UP/Uttarakhand (@ANINewsUP) April 22, 2019
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us