/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/lok_sabha_election_2019_congress_president_rahul_gandhi_addressing_a_public_election_rally_meeting_1556108117.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাছত কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা ৰাহুল গান্ধী পদত্যাগ কৰিলে! এই খবৰ প্ৰকাশ পাইছে একাংশ সংবাদমাধ্যমত । দিল্লীত কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠক অনুষ্ঠিত হৈ থকাৰ সময়তে প্ৰকাশিত এই খবৰৰ সন্দৰ্ভত কিছুসময় পূৰ্বে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰণদ্বীপ সিং সূৰ্যৱালাই।
সূৰ্যৱালাই কয়- এই সময়ত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক চলি আছে আৰু তেওঁ এই বৈঠকত পদত্যাগ কৰা বুলি প্ৰকাশিত খবৰৰ সত্যতাক তেওঁ অস্বীকাৰ কৰে। কংগ্ৰেছ শীৰ্ষ নেতাগৰাকীৰ মতে, বৰ্তমানলৈ ৰাহুল গান্ধীয়ে পদত্যাগ কৰা নাই।
উল্লেখযোগ্য যে, কেৰালাৰ ৱাইনাড সমষ্টিত বিজয় হোৱাৰ বিপৰীতে গান্ধী পৰিয়ালৰ দুৰ্গস্বৰূপ আমেথিত ৰাহুল গান্ধী পৰাস্ত হৈছিল। সাংবাদিকে শুকুৰবাৰে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে এই পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈ পদত্যাগ কৰিব নেকি প্ৰশ্ন কৰাত কংগ্ৰেছ মুৰব্বীগৰাকীয়ে কৈছিল- ৱৰ্কিং কমিটীৰ সৈতে কথা বতৰা পতাৰ পাছতহে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব তেওঁ।
ইফালে, তিনিখন ৰাজ্যৰ কংগ্ৰেছৰ মুৰব্বীয়ে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত দায়িত্ব স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদবী এৰিছে। তাৰ ভিতৰত উত্তৰপ্ৰদেশৰ কংগ্ৰেছৰ মুৰব্বী ৰাজ বাব্বৰো আছে।