ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ খাৰিজ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ…

ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ খাৰিজ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ…

author-image
asomiyapratidin
New Update
ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ

ফাইল ফটো

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনত দেশজুৰি চৰম পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ দলৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে শনিবাৰে দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকত পদত্যাগ পত্ৰ দাখিল কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰণদ্বীপ সুৰজেৱালাই এই কথা স্পষ্ট কৰি দি লগতে কয় যে ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে খাৰিজ কৰিছে।

Advertisment

উল্লেখ্য যে, মোডীৰ চুনামীৰ সন্মুখত দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছে পৰাজয় বৰণ কৰিবলগা হয়। ইয়াৰ পিছতে বৃহস্পতিবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে সংবাদমেলত এই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন জনাই। আনফালে খবৰ অনুসৰি উক্ত সংবাদ মেলতে ৰাহুল গান্ধীয়ে অধ্যক্ষ পদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল যদিও ইউপিএৰ অধ্যক্ষ তথা মাতৃ ছোনীয়া গান্ধী আৰু আহমদ পেটেলৰ বুজনিৰ অন্তত তেওঁ সেই সিদ্ধান্ত ত্যাগ কৰে আৰু শনিবাৰে অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত পদত্যাগ পত্ৰ দাখিল কৰে।

ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ খাৰিজ কৰা সন্দৰ্ভত ৰণদ্বীপ সুৰজেৱালাই কয়, 'ৰাহুল গান্ধীৰ এগৰাকী অধ্যক্ষ হোৱাৰ যোগ্যতা আছে। জয় পৰাজয় থাকেই। তাক লৈ তেওঁ পদত্যাগৰ দৰে সিদ্ধান্ত লোৱা উচিত নহয়। ৰাহুল গান্ধী এগৰাকী যুৱ নেতা হোৱাৰ লগতে সু-নেতৃত্ববাহক। তেওঁ কংগ্ৰেছৰ অধ্যক্ষ হৈ পৰৱৰ্তী সময়ত কংগ্ৰেছক আগুৱাই নিব পাৰিব।'


— ANI (@ANI) May 25, 2019