পুৱাই ৰাহুল গান্ধীৰ মন্দিৰ দৰ্শন…

পুৱাই ৰাহুল গান্ধীৰ মন্দিৰ দৰ্শন…

author-image
asomiyapratidin
New Update
পুৱাই ৰাহুল গান্ধীৰ মন্দিৰ দৰ্শন…

ডিজিটেল ডেস্কঃ কেৰালাৰ বায়ানাড লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। আমেঠি সমষ্টিৰ উপৰিও ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে এইবাৰ কেৰালাৰ বায়ানাড লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ঘোষণা কৰে। দক্ষিণ ভাৰতৰ এই উল্লেখযোগ্য সমষ্টিটোত ৰাহুল গান্ধীয়ে কংগ্ৰেছ সমৰ্থক-কৰ্মীৰ আহ্বান মৰ্মে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি সদৰি কৰে।

২৩ এপ্ৰিলত অনুষ্ঠিচত হ'বলগা বায়ানাড সমষ্টিৰ ভোটগ্ৰহণৰ পূৰ্বে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাহুল গান্ধীয়ে। বিগত কিছুদিন ধৰি সমষ্টিটোৰ চুকে কোণে কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ উপৰিও বিভিন্ন মঠ-মন্দিৰ দৰ্শন আদিৰে সাধাৰণ ভোটাৰৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছে।

বুধবাৰে কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীয়ে কেৰালাৰ ঐতিহাসিক আৰু থিৰুনেল্লী মন্দিৰ দৰ্শন কৰি পূজা-অৰ্চনা আগবঢ়ায়। কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ সতে তেওঁ পুৱাই মন্দিৰত উপস্থিত হয়। শুভ্ৰ অংগ বস্ত্ৰ পৰিধান কৰি মন্দিৰত প্ৰৱেশ কৰা ৰাহুল গান্ধীয়ে পূজা-অৰ্চনাৰ পাছত নিজৰ জয় নিশ্চিত বুলি মন্তব্য কৰে।