প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য, পুনৰ বিপদত ৰাহুল গান্ধী…

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য, পুনৰ বিপদত ৰাহুল গান্ধী…

author-image
asomiyapratidin
New Update
ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ

ফাইল ফটো

ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি শুকুৰবাৰে দিল্লীৰ এখন আদালতে দিল্লী আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিছে।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে ২০১৬ চনত এখন জনসভাত প্ৰধানমন্ত্ৰীক সমালোচনা কৰি তেওঁ সৈনিকৰ তেজৰ পিছত আত্মগোপন কৰা আৰু সৈনিকৰ ত্যাগক লৈ দাদালী কৰা বুলি মন্তব্য কৰিছিল। ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে বিজেপিয়ে কংগ্ৰেছ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

শুকুৰবাৰে এই এজাহাৰক লৈ আদালতত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লীৰ এখন আদালতে আৰক্ষীক ঘটনা সন্দৰ্ভত প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি এই গোচৰৰ পৰৱৰ্তী শুনানি ১৫ মে'ত গ্ৰহণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে।