/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/modi_rahul.jpeg)
ডিজিটেল ডেস্কঃ মাতৃ ছোনীয়া গান্ধীৰ সংসদীয় সমষ্টি ৰায়বৰেলীত শনিবাৰে এক জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী। বিজেপি চৰকাৰৰ বিমুদ্ৰাকৰণ আৰু জিএছটিৰ সিদ্ধান্তক লৈ আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তাৰ দ্বাৰা সাধাৰণ নাগৰিকৰ দুশ্চিন্তাহে বৃদ্ধি কৰা বুলি অভিযোগ কৰে ৰাহুল গান্ধীয়ে।
উল্লেখ্য যে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা ব্যক্তিগত টিভি চেনেলত সাক্ষাৎকাৰ প্ৰদান কৰি বিমুদ্ৰাকৰণৰ ফলত নিবনুৱা সমস্যা বৃদ্ধি পোৱা বুলি অৰ্থনীতিবিদসকলে কৰা দাবী খাৰিজ কৰিছিল। তেওঁ সাক্ষাৎকাৰটোত কৈছিল যে- বিমুদ্ৰাকৰণৰ দ্বাৰা নিবনুৱা সমস্যা বৃদ্ধি পোৱা বুলি একাংশই ভুল প্ৰচাৰহে চলাইছে।
প্ৰধানমন্ত্ৰীৰ এই সাক্ষাৎকাৰক লৈ শনিবাৰে ৰাইবৰেলীৰ উচাহাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ৰাহুলে কয়, 'নৰেন্দ্ৰ মোডীয়ে বিমুদ্ৰাকৰণক ক'লা ধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে এক অৰ্থনৈতিক যুঁজ বুলি দেশবাসীক আভুৱা ভাৰিছে।' যদি এয়া ক'লা ধনৰ বিৰুদ্ধে যুঁজ আছিল, তেন্তে ২০১৬ চনৰ পিছত কোনো চোৰ কিয় এটিএমৰ সন্মুখত শাৰী পতা নাই বুলিও প্ৰশ্ন কৰে ৰাহুল গান্ধীয়ে।
আনফালে যদি কংগ্ৰেছ শাসনলৈ আহে, তেন্তে এবছৰৰ ভিতৰত সকলো চৰকাৰী খালী পদ পূৰণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাহুল গান্ধীয়ে। তদুপৰি যদি উত্তৰ প্ৰদেশত যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেন্তে কৃষকৰ ঋণ ৰেহাই দিয়া হ'ব বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে।
'প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ৭০ বছৰে কংগ্ৰেছে কি কৰিছিল? কিন্তু কংগ্ৰেছে এনেদৰে জিএছটি আৰু বিমুদ্ৰাকৰণৰ নামত সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধোৱা নাছিল। কংগ্ৰেছে নিবনুৱা সমস্যা বৃদ্ধি কৰা নাছিল। কংগ্ৰেছে পুঁজিপতিক ধনী কৰাৰ চেষ্টা চলোৱা নাছিল।' -জনসভাত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে।
ইফালে, জনসভাৰ অন্তত সাংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰি কয়, '২০১৪ চনত তেওঁ প্ৰতিখন সভাতে ২ কোটি সংস্থাপনৰ কথা কৈছিল। কিন্তু যোৱা ৫ বছৰে তেওঁ কেৱল মিছাই মাতি আহিছে। যোৱা ৪৫ বছৰৰ ভিতৰত মোডীৰ শাসন কালতে নিবনুৱাৰ সমস্যা আটাইতকৈ বেছি বৃদ্ধি পাইছে। আজি কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। কাৰণ তেওঁলোকৰ ঋণ ৰেহাই দিয়া হোৱা নাই। ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত আমি ২ দিনৰ ভিতৰত কৃষকৰ ঋণ ৰেহাই দিছো। যিটো ৫ বছৰতো কৰিব নোৱাৰিলে মোডীয়ে।'