/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/d72a30df-a425-454f-98a9-b4432cfcf9aa.jpg)
ডিজিটেল ডেস্কঃ বয়সৰ ব্যৱধান মাথো ডেৰ বছৰ। ১৯৭০ চনৰ ১৯ জুনত জন্ম হৈছিল ৰাহুল গান্ধীৰ আৰু ১৯৭২ চনৰ ১২ জানুৱাৰীত জন্ম হৈছিল প্ৰিয়ংকা গান্ধীৰ। সোণৰ চামুচ মুখত লৈ জন্ম হোৱা এই গান্ধী পৰিয়ালৰ এই দুই সন্তান বিদেশতে পঢ়া শুনা কৰিছিল যদিও বৰ্তমান দেশৰ ৰাজনীতিত এওঁলোকৰ ভূমিকা উল্লেখনীয়। কংগ্ৰেছৰ অধ্যক্ষ পদ আৰু এআইচিচিৰ সাধাৰণ সম্পাদক পদত থকা ৰাহুল-প্ৰিয়ংকা কেৱল ৰাজনীতিৰ সভা সমিতি সমূহতে একেলগে নাথাকে। বিভিন্ন যুক্তিৰে বিৰোধীক থকা সৰকা কৰা প্ৰিয়ংকা আৰু ৰাহুলক শনিবাৰে প্ৰত্যক্ষ কৰা গ'ল এক অন্য ৰূপত।
দৰাচলতে শনিবাৰে দুখন জনসভাত ভাগ লোৱাৰ উদ্দেশ্যে হেলিকপ্টাৰ যোগে ৰায়বৰেলীলৈ ৰাওনা হৈছিল ৰাহুল গান্ধী। কানপুৰ বিমান বন্দৰত হেলিকপ্টাৰত উঠাৰ পূৰ্বে ৰাহুল মুখামুখি ভগ্নী প্ৰিয়ংকাৰ। উত্তৰ প্ৰদেশৰ এক ৰেলীত ভাগ লোৱাৰ উদ্দেশ্যে প্ৰিয়ংকাও সেই সময়ত কানপুৰ বিমান বন্দৰত উপস্থিত হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/5dacdbbb-884e-4246-8b35-4c5a9fa3cb59.jpg)
দুয়ো মুখামুখি হোৱাৰ লগে লগে শৈশৱৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰে ভাতৃ-ভগ্নী। চলিত লোকসভা নিৰ্বাচনৰ সকলো চিন্তাক একাষৰীয়া কৰি ৰাহুলে ভগ্নী প্ৰিয়ংকাৰ কান্ধত হাত থৈ সকলোকে ক'লে- 'ভাল ককায়েক কেনেকৈ হ'ব পাৰি সেয়া মই আপোনালোকক কৈছো শুনক।' ৰাহুল আৰু প্ৰিয়ংকাৰ অন্তৰংগ মুহূৰ্ত বন্দী হৈছিল কেমেৰাত। ৰাহুল গান্ধীয়ে ফেচবুকত আপলোড কৰা এই ভিডিঅ'টোত ৰাহুলে প্ৰিয়ংকাৰ কান্ধত হাত থৈ কৈছে- 'মই যেতিয়া দূৰণিবতীয়া যাত্ৰা কৰো, তেতিয়া এখন সৰু হেলিকপ্টাৰহে ব্যৱহাৰ কৰো। কিন্তু প্ৰিয়ংকাই নাতিদূৰৰ যাত্ৰাতেই ব্যৱহাৰ কৰে ডাঙৰ হেলিকপ্টাৰ।'
ৰাহুলে এই কথাখিনি কৈ থাকোতে প্ৰিয়ংকাৰ মুখত দেখা গৈছিল হাঁহি। ৰাহুলে প্ৰিয়ংকাক উদ্দেশ্যি কেমেৰাৰ ফালে চাই আকৌ ক'লে- 'আপোনালোকে জানেনে, মই এইক বহুত ভাল পাও।' প্ৰায় দুই মিনিটৰ এই অন্তৰংগ আলাপৰ পিছতে দুয়ো উৰা মাৰে নিজৰ নিজৰ গন্তব্যস্থলীলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/6e0dec15-44bb-4deb-a503-e3c186cd9ff1.jpg)
ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা প্ৰিয়ংকা আৰু ৰাহুলৰ এই ভিডিঅ'টো লাখ লাখ জনে শ্বেয়াৰ কৰিছে। বহুতে কমেন্টৰ যোগে কৈছে- ৰাহুল কেৱল এজন ভাল ৰাজনীতিকে নহয়, এজন ভাল ককায়েক।