/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/Sidhu-and-Amrinder.jpg)
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুক লৈ এইবাৰ অসন্তুষ্ট হৈ পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং। শনিবাৰে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে সিদ্ধুৰ বিৰুদ্ধে অনুশাসনহীনতাৰ অভিযোগ উত্থাপন কৰি কয়, 'সিদ্ধুৰ সৈতে কোনো বাকযুদ্ধ কৰিব নোৱাৰি। তেওঁ যদি উচ্চাকাংক্ষী, তেন্তে সেয়াই তেওঁৰ বাবে ঠিক। মানুহৰ উচ্চাকাংক্ষা থাকেই। মই তেওঁক শৈশৱৰ পৰাই জানো। তেওঁক লৈ মোৰ কোনো পৃথক ৰায় নাই। হয়তো তেওঁ মুখ্যমন্ত্ৰী হ'ব বিচাৰে আৰু মোৰ ঠাই ল'ব বিচাৰে। সেই তেওঁৰ নিজা লক্ষ্য।'
মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে পুনৰ কয়, 'সিদ্ধু এগৰাকী অনুশাসনহীন নেতা। তেওঁৰ ওপৰত দলৰ শীৰ্ষ নেতৃত্বই ব্যৱস্থা গ্ৰহণ কৰা উচিত।' উল্লেখ্য যে, ইয়াৰ পূৰ্বে নৱজোৎ সিং সিদ্ধুৰ সৈতে হোৱা মতবিৰোধৰ সময়ত কেপ্টেইন অমৰিন্দৰ সিঙে মন্তব্য কৰিছিল যে যদি পঞ্জাৱত কংগ্ৰেছ পৰাজিত হয়, তেন্তে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব।
নৱজোৎ সিং সিদ্ধুৰ পত্নীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰাক লৈ অসন্তুষ্ট হৈ পৰিছিল পঞ্জাৱৰ মন্ত্ৰীগৰাকী। তেওঁ পত্নীক টিকট নিদিয়াৰ আঁৰত কেপ্টেইন অমৰিন্দৰ সিং আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী আশা কুমাৰীৰ হাত থকা বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ ভীতৰ চৰাতে এক শীতল যুদ্ধৰ পাতনি মেলিছিল। অৱশ্যে মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে সিদ্ধুৰ পত্নীক টিকট নিদিয়াৰ আঁৰত তেওঁৰ কোনো স্বাৰ্থ নাই বুলি স্পষ্ট কৰি দিয়ে।