মই ৰাজনাথ সিঙৰ বিৰুদ্ধে কেতিয়াও এটা শব্দও কোৱা নাইঃ পুনম সিনহা

মই ৰাজনাথ সিঙৰ বিৰুদ্ধে কেতিয়াও এটা শব্দও কোৱা নাইঃ পুনম সিনহা

author-image
asomiyapratidin
New Update
মই ৰাজনাথ সিঙৰ বিৰুদ্ধে কেতিয়াও এটা শব্দও কোৱা নাইঃ পুনম সিনহা

ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী তথা শত্ৰুঘ্ন সিনহাৰ পত্নী পুনম সিনহাই দেওবাৰে সংবাদ মাধ্যমৰ আগত তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে। সমাজবাদী পাৰ্টীয়ে সম্ভৱ কৰা বিকাশ আৰু উন্নয়নৰ পৰিপ্ৰেক্ষিতত লক্ষ্ণৌবাসীয়ে এক উচিত সিদ্ধান্ত ল'ব বুলি বিশ্বাস প্ৰদৰ্শন কৰি তেওঁ কয়, 'লক্ষ্ণৌৰ সৈতে মোৰ সম্পৰ্ক বহু পুৰণি। ১৯৪৭ চনত মোৰ পিতৃ-মাতৃ যেতিয়া কৰাচীৰ পৰা আহিছিল, তেতিয়া লক্ষ্ণৌতে তেওঁলোকে প্ৰথমবাৰ লক্ষ্ণৌত থাকিবলৈ লৈছিল।'

সমাজবাদী পাৰ্টীত তেওঁ যোগ দিয়া সন্দৰ্ভতো তেওঁ কয়, 'মই পূৰ্বৰ পৰাই অখিলেশ যাদৱৰ চিন্তাধাৰ আৰু মানুহৰ বাবে কিবা এটা কৰাৰ তেওঁ উদ্যমৰ প্ৰতি প্ৰভাৱিত আছিলো। যোৱা ১টা বছৰৰ পৰা মই তেওঁৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰি আহিছিলো। এতিয়া তেওঁ মোৰ পৰিয়ালৰ সদস্যৰ দৰেই হৈ পৰিছে। আনকি মোৰ মনোনয়ন দাখিলৰ সময়ত তেওঁ তেওঁৰ পত্নী ডিম্পলক মোৰ লগত আহিবলৈ কৈছিল। যদিও সেইদিনা ডিম্পলেও মনোনয়ন দাখিলত ব্যস্ত আছিল।'

আনহাতে লক্ষ্ণৌ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে তুলনা কৰি নিজকে কেতিয়াবা অযোগ্য বুলি ভাৱে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি পুনম সিনহাই কয়, 'মই নিজকে অযোগ্য বুলি কেতিয়াও নাভাবো। লক্ষ্ণৌ বাসীয়ে পৰিবৰ্তন বিচৰাৰ অধিকাৰ আছে। সমাজবাদী পাৰ্টীৰ উন্নয়নমূলক চিন্তাধাৰাই লক্ষ্ণৌবাসীক নিশ্চয় পৰিবৰ্তনৰ সপোন দেখুৱাইছে। মই আজিলৈকে ৰাজনাথ সিঙৰ বিৰুদ্ধে এটা শব্দও কোৱা নাই। মই ঋণাত্মক চিন্তাৰে নিৰ্বাচনী প্ৰচাৰ চলাব নিবিচাৰো। মই কেৱল মোৰ দলৰ উন্নয়নৰ কথা কৈছো।'