পতি ধৰ্ম ঠিকেই পালন কৰিলে শত্ৰুঘ্ন সিনহাই, পিছে পাৰ্টী ধৰ্ম পালন কৰিব কেতিয়াঃ প্ৰমোদ কৃষ্ণম

পতি ধৰ্ম ঠিকেই পালন কৰিলে শত্ৰুঘ্ন সিনহাই, পিছে পাৰ্টী ধৰ্ম পালন কৰিব কেতিয়াঃ প্ৰমোদ কৃষ্ণম

author-image
asomiyapratidin
New Update
পতি ধৰ্ম ঠিকেই পালন কৰিলে শত্ৰুঘ্ন সিনহাই, পিছে পাৰ্টী ধৰ্ম পালন কৰিব কেতিয়াঃ প্ৰমোদ কৃষ্ণম

  • বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়া শত্ৰুঘ্ন সিনহাৰ বিৰুদ্ধে সৰৱ লক্ষ্ণৌ সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰমোদ কৃষ্ণম।
  • 'আজি পত্নীৰ ৰেলীত অংশ লৈ শত্ৰুঘ্ন সিনহাই পতি ধৰ্মৰ পালন কৰিলে।'
  • 'এয়া নিশ্চয়কৈ ভাল কথা। কিয়নো স্বামী হিচাপে সেয়া তেওঁৰ দায়িত্ব।'
  • 'পিছে লক্ষ্ণৌত এবাৰ মোৰ হৈ প্ৰচাৰ চলাই তেওঁ পাৰ্টী ধৰ্মও পালন কৰক।'
  • 'কিয়নো কংগ্ৰেছ এতিয়া তেওঁৰো পাৰ্টী।'
  • উল্লেখ্য যে, বৃহস্পতিবাৰে লক্ষ্ণৌ সমষ্টিৰ সমাজবাদী পাৰ্টী মিত্ৰজোঁটৰ প্ৰাৰ্থী পুনম সিনহাৰ মনোনয়নত উপস্থিত হৈছিল শত্ৰুঘ্ন সিনহা।
  • পত্নীৰ সৈতে উপস্থিত থাকি তেওঁ পাৰিবাৰিক দায়িত্ব পালন কৰা বুলি মন্তব্য কৰিছিল।
  • ইয়াৰ পিছতে ন কংগ্ৰেছী শত্ৰুঘ্ন সিনহাৰ বিৰুদ্ধে সৰৱ হৈ পৰে লক্ষ্ণৌ সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ কৃষ্ণম।
  • কংগ্ৰেছৰ বিৰোধী দলৰ প্ৰাৰ্থীক সমৰ্থন জনাই দলক অবমাননা কৰাৰ অভিযোগ উত্থাপন কৰে সিনহাৰ বিৰুদ্ধে।