প্ৰিয়ংকা গান্ধী অহাৰ প্ৰাক মুহুৰ্তত শিলচৰৰ ক্লাৱ ৰোডত কংগ্ৰেছ সমৰ্থকৰ ভীৰ…

প্ৰিয়ংকা গান্ধী অহাৰ প্ৰাক মুহুৰ্তত শিলচৰৰ ক্লাৱ ৰোডত কংগ্ৰেছ সমৰ্থকৰ ভীৰ…

author-image
asomiyapratidin
New Update
প্ৰিয়ংকা গান্ধী অহাৰ প্ৰাক মুহুৰ্তত শিলচৰৰ ক্লাৱ ৰোডত কংগ্ৰেছ সমৰ্থকৰ ভীৰ…

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুষ্মিতা দেৱৰ সমৰ্থনত আজি নিৰ্বাচনি প্ৰচাৰ চলাব নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ৷ দিনৰ বাৰ বজাৰ পৰা আৰম্ভ হব লগা এক বিশাল পদযাত্ৰা ৰেলিত ভাগ লব কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী গৰাকীয়ে ৷ ক্লাব ৰোডৰ পৰা আৰম্ভ হব লগা এই পদযাত্ৰাত প্ৰিয়ংকাৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী সুষ্মিতা দেৱসহ কেবা গৰাকী কংগ্ৰেছ নেতা উপস্থিত থাকিব ৷ ২০ হাজাৰতকৈও অধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহন কৰা এই পদযাত্ৰা শিলচৰ ক্লাৱ ৰোডৰ পৰা চেন্ত্ৰেল ৰোড, গোপালগঞ্জ, হস্পিতাল ৰোড, ৰাংগিৰখাৰী হৈ চিত্তৰঞ্জন এভিনিউত সমাপ্তি ঘটিব ৷ পদযাত্ৰাৰ মাজতে ঠায়ে ৰাইজক উদ্দেশি ভাষণ প্ৰদান কৰিব প্ৰিয়ংকা গান্ধীয়ে ৷ পদযাত্ৰা শেষ কৰি প্ৰিয়ংকা পুনৰ দিল্লীলৈ ওভতি যাব বুলি কংগ্ৰেছ সুত্ৰে জানিব পৰা গৈছে ৷