/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/priyanka-bericatejhhhjhUntitled-6.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী মধ্যপ্ৰদেশত নিৰ্বাচনী ৰেলীত অংশ লয়। তেওঁ ৰাজ্যখনৰ ৰতলামত এক জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ কটাক্ষ কৰে। ৰেলীত প্ৰিয়ংকা গান্ধীয়ে কয়, কেন্দ্ৰীয় চৰকাৰৰ অহংকাৰ বহু বাঢ়িছে। অৱশ্যে এই ৰেলীত প্ৰিয়ংকা গান্ধীৰ এক নতুন ৰূপ সকলোৱে দেখিবলৈ পায়।
দৰাচলতে, সোমবাৰে মধ্যপ্ৰদেত এই জনসভা সম্বোধন কৰাৰ পাছত মঞ্চৰ পৰা নামি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে জনসাধাৰণক সাক্ষাৎ কৰিবলৈ প্ৰায় ৪ ফুট ওখ বেৰিকেড পাৰ হয়। সেই সময়তে উপস্থিত ৰাইজৰ এজনে এই সমগ্ৰ দৃষ্টি কেমেৰাত বন্দী কৰিছিল। আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে। চাওঁক সেই ভিডিঅ'-
जब समर्थकों से मिलने @priyankagandhi ने लांघ दी बैरिकेड, कुछ तस्वीरें पुरानी कौंध जाती हैं @RahulGandhi@brajeshabpnews@ndtvindia@INCIndia@INCMP@ManojSharmaBpl@OfficeOfKNath#PriyankaGandhi#RahulGandhi#CloudyModi@kidlibertypic.twitter.com/DLfF161bbO
— Anurag Dwary (@Anurag_Dwary) May 13, 2019