/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D6Cy2O2U8AAlFc5.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে দিল্লীত এক নিৰ্বাচনী সভাত অংশ লয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। ইতিমধ্যে লোকসভা নিৰ্বাচনৰ ৫টা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত শেষৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পুনৰ শাসকীয় দল বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰে।
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰীমোডীক উদ্দেশ্যি মন্তব্য কৰি কয়- 'দিল্লীৰ এটি কিশোৰীয়ে আপোনাক প্ৰত্যাহ্বানজনাইছে। শেষৰ দুটা পৰ্যায়ৰ নিৰ্বাচন বিমুদ্ৰাকৰণক লৈ যুঁজ দিয়, জি এছ টিক লৈ যুঁজদিয়ক, মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত যুঁজি দিয়ক, পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিসন্দৰ্ভত যুঁজ দিয়ক।' প্ৰিয়ংকা গান্ধীয়ে ভোটাৰসকলক এই বিষয়বোৰৰ ওপৰত ভিত্তি কৰিনিৰ্বাচনত ভোট দিবলৈ আহ্বান জনায়।