বাৰানসীত হ’ব পাৰে মোডী-প্ৰিয়ংকা গান্ধীৰ মাজৰ নিৰ্বাচনৰ যুঁজ…

বাৰানসীত হ’ব পাৰে মোডী-প্ৰিয়ংকা গান্ধীৰ মাজৰ নিৰ্বাচনৰ যুঁজ…

author-image
asomiyapratidin
New Update
বাৰানসীত হ’ব পাৰে মোডী-প্ৰিয়ংকা গান্ধীৰ মাজৰ নিৰ্বাচনৰ যুঁজ…

ডিজিটেল ডেস্কঃ দেশৰ লোকসভা নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ যুঁজ হ'ব বাৰানসীত। মোডীৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিব ছোনিয়া তনয়া প্ৰিয়ংকাই। কংগ্ৰেছৰ সূত্ৰই এই কথা সদৰি কৰিছে যদিও, আনুষ্ঠানিকভাৱে কোনো কথা অৱশ্যে এতিয়ালৈকে কোনো ঘোষণা কৰা নাই। এই সন্দৰ্ভত গভীৰভাৱে কংগ্ৰেছে চিন্তা-চৰ্চা কৰি আছে।

প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৪চনত বাৰানসীত বৃহৎ ব্যৱধানত জয়লাভ কৰিছিল। সেইবাৰ ৩,৭০,০০০ ভোটৰ ব্যৱধানত মোডী জয়ী হোৱাৰ বিপৰীতে দ্বিতীয় স্থানত আছিল অৰবিন্দ কেজৰিৱাল। কেজৰিৱালে প্ৰায় দুই লক্ষাধিক ভোট লাভ কৰিছিল। কংগ্ৰেছৰ প্ৰাৰ্থী অজয় ৰায়ে লাভ কৰিছিল ৭৫হাজাৰ ভোট।

১৯৯১চনৰ পৰা এই সমষ্টিটোত বিজেপি প্ৰাৰ্থীয়েই জয়ী হৈ আহিছে। মাজতে ২০০৪চনত সেই ধাৰাবাহিকতা ভংগ হৈছিল। প্ৰিয়ংকা গান্ধীয়ে যদি এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰে, তেনেহ'লে দেশবাসীৰ নহয়, বিশ্ববাসীৰ চকু নিবদ্ধ হ'ব সমষ্টিটোত। কংগ্ৰেছ নেতৃত্বই আশা কৰে, প্ৰিয়ংকা গান্ধীয়ে এই সমষ্টিটোৰ প্ৰাৰ্থী হ'লে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব মোডীৰ।