অসন্তুষ্ট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা, অৱশেষত ল’লে পদত্যাগৰ সিদ্ধান্ত

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা চলি থকাৰ সময়তে কংগ্ৰেছ প্ৰবক্তা প্ৰিয়ংকা চতুৰ্বেদীয়ে দলৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি পদত্যাগ কৰিছে। বুধবাৰে তেওঁ এক টুইট কৰি দলীয় কৰ্মীৰ দ্বাৰা কৰা হোৱা অভদ্ৰ আচৰণক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল।

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰিয়ংকা চতুৰ্বেদীয়ে উত্তৰ প্ৰদেশৰ মথুৰাত এক ৰাফেল চুক্তি সম্পৰ্কীয় সংবাদ মেলত অংশ লৈছিল। সেই সময়তে কংগ্ৰেছ নেত্ৰীগৰাকীক একাংশ দলীয় কৰ্মীয়ে অভদ্ৰ আৰু অমাৰ্জিত ব্যৱহাৰ কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দলীয় কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু পৰৱৰ্তী সময়ত কৰ্মী কেইজনে ঘটনাক লৈ দুখ প্ৰকাশ কৰাৰ পিছতে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তেওঁলোকৰ বিৰুদ্ধে ল'ব লগা ন্যায়িক পদক্ষেপ স্থগিত ৰাখে।

এই পৰিস্থিতিত প্ৰিয়ংকাই নিজৰ খেদ প্ৰকাশ কৰি টুইটত লিখিছে- 'এয়া খুবেই দুখজনক বিষয় যে দলে মূৰৰ ঘাম মাটিত পেলাই কাম কৰাসকলৰ তুলনাত মাৰপিট কৰাসকলক অধিক প্ৰশ্ৰয় দিছে। দলৰ বাবে মই অভদ্ৰ আচৰণৰ পৰা হতাহতিলৈকে সহ্য কৰিলো। কিন্তু তথাপিও যিসকলে মোক দলৰ ভিতৰতে ভাবুকি প্ৰদান কৰিলে, তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। এয়া অতি দুৰ্ভাগ্যজনক।'

ইফালে, সততে বিজেপিৰ বিৰুদ্ধে সৰৱ স্থিতি গ্ৰহণ কৰি অহা প্ৰিয়ংকা চতুৰ্বেদীৰ দলৰ পৰা পদত্যাগে কংগ্ৰেছৰ বাবে এক অপূৰণীয় ক্ষতিৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰিছে বহুতে। কংগ্ৰেছৰ সক্ৰিয় নেত্ৰীগৰাকীয়ে দল ত্যাগ কৰিলে এয়া দলটোৰ বাবে এক চৰম বিফলতাৰ প্ৰশ্ন হিচাপে বুলিও মন্তব্য কৰিছে একাংশই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in