বাতিল কৰা হ’ল ভেলোৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ…

বাতিল কৰা হ’ল ভেলোৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
বাতিল কৰা হ’ল ভেলোৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ…

ডিজিটেল ডেস্কঃ বৃহৎ পৰিমাণৰ অবৈধ ধন জব্দ হোৱাৰ পিছতে নিৰ্বাচন আয়োগৰ আহ্বান মৰ্মে বাতিল কৰা হৈছে তামিলনাডুৰ ভেলোৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ।

অহা ১৮ এপ্ৰিল, বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগা সমষ্টিটোৰ ভোটগ্ৰহণ বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। উল্লেখ্য যে, ভেলোৰৰ এটা গুদামৰ পৰা প্ৰায় ১১ কোটি ৫০ লাখ টকা উদ্ধাৰ কৰা হৈছিল। এই বৃহৎ পৰিমাণৰ ধন সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা এজন ডিএমকে প্ৰাৰ্থীৰ গুদামৰ পৰা উদ্ধাৰ কৰা হয়।