ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!

ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!

author-image
asomiyapratidin
New Update
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কোৰোনাৰ ৰিজাল্ট আকৌ পজিটিভ…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন, ২০১৯ৰ অন্ত পৰাৰ পিছত বিভিন্ন সংস্থাৰ এগজিট প'লৰ ফলাফলে পুনৰ এবাৰ কেন্দ্ৰত মোডী চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰাৰ পিছতে পুনৰ উত্থাপন হৈছে ইভিএম টেম্পাৰিঙৰ বিষয়। ইভিএম আৰু ভিভিপিএটিৰ সুৰক্ষা সন্দৰ্ভত ২২টাকৈ বিৰোধী দলৰ নেতৃত্বই অনুষ্ঠিত কৰা বৈঠকৰ পিছতে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰি ভোটগণনাৰ পূৰ্বে ইভিএম আৰু ভিভিপিএটি গণনাৰ বাবে আবেদন জনাইছে।

ইফালে ইভিএমৰ সুৰক্ষা সন্দৰ্ভত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়েও মঙলবাৰে উদ্বেগ ব্যক্ত কৰে। মঙলবাৰে এক টুইটযোগে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে- 'জনতাৰ মতৰ সৈতে খেলা কৰাৰ খবৰে মোক চিন্তিত কৰি তুলিছে। ইভিএমৰ সুৰক্ষা নিৰ্বাচন আয়োগৰ দায়িত্ব। গণতন্ত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব পৰা কোনো কামৰ ভাৰতত স্থান নাই। জনাদেশ এক পবিত্ৰ আৰু সকলো সন্দেহৰ উৰ্ধ্বৰ এক বিষয়।'

প্ৰণৱ মুখাৰ্জীয়ে পুনৰ কয়, 'ভাৰতীয় গণতন্ত্ৰৰ মূল আধাৰক প্ৰত্যাহ্বান জনোৱা কোনো কাম হ'ব নালাগে। আমি সকলোৱে ভোটাৰৰ সিদ্ধান্তক সন্মান জনোৱা উচিত। ইভিএমৰ টেম্পাৰিঙক লৈ চলা সকলো বিতৰ্কৰ নিৰ্বাচন আয়োগে সমাধান উলিওৱা উচিত।'

উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে সোমবাৰে ২০১৯ৰ লোকসভা নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন হোৱাৰ বাবে নিৰ্বাচন আয়োগৰ প্ৰশংসা কৰিছিল। মুখাৰ্জীয়ে দিল্লীত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰথমগাৰাকী নিৰ্বাচন আয়ুক্ত সুকুৰমান সেনৰ পৰা বৰ্তমানৰ নিৰ্বাচন আয়ুক্তসকলে নিৰ্বাচনৰ সময়ত উল্লেখযোগ্য কাম কৰি আহিছে বুলি মন্তব্য কৰিছিল।