/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/4878f3ab-0ab5-474c-a084-dbc404aafa53.jpg)
ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনত বিহাৰৰ বেগুচৰাই সমষ্টি এক চৰ্চিত নাম হৈ পৰিছে। সমষ্টিটোত কেন্দ্ৰীয় মন্ত্ৰী তথা এনডিএ প্ৰাৰ্থী গিৰিৰাজ সিঙৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব জে এন ইউ প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰ। যুৱ প্ৰজন্মৰ নামত জনপ্ৰিয় নাম হৈ পৰা কানহাইয়া কুমাৰে সমষ্টিটোৰ পৰা চিপিআই প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। জনতাৰ চান্দাৰে নিৰ্বাচন খেলিবলৈ সাজু হোৱা কানহাইয়াই ইতিমধ্যে গাঁৱে গাঁৱে গৈ পূৰ্ণদ্যমে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। কানহাইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াইছে দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। নিজৰ ধন খৰচ কৰি বেগুচৰাইত উপস্থিত হৈ তেওঁলোকে কানহাইয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে।
দেশৰ শিক্ষা, নাটক, সাহিত্য ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ উপৰিও এইবাৰ কানহাইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বলীউডৰ অভিনেতা প্ৰকাশ ৰাজে। শনিবাৰে যশস্বী অভিনেতাগৰাকীয়ে বেগুচৰাইত উপস্থিত হৈ কানহাইয়া কুমাৰৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। কানহাইয়া কুমাৰক সাক্ষাৎ কৰাৰ পিছতে প্ৰকাশ ৰাজে এটা টুইট কৰে।
টুইটত অভিনেতাগৰাকীয়ে কানহাইয়া কুমাৰক এজন দক্ষ যুৱ নেতা আখ্যা দি লিখিছে- 'বেগুচৰাইত মই কানহাইয়া কুমাৰৰ সৈতে যাত্ৰা কৰিলো। মই মানুহৰ চকুত এক নতুন আশাৰ কিৰণ দেখিছো। পৰিৱতৰ্নৰ বতাহ বলিছে। মই তেওঁৰ পক্ষত থিয় হৈ গৌৰৱবোধ কৰিছো।' প্ৰকাশ ৰাজে কানহাইয়াক জনতাৰ কণ্ঠ বুলি অভিহিত কৰে।
উল্লেখ্য যে অভিনেতা প্ৰকাশ ৰাজে প্ৰায়ে ৰাজনীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। বিশেষকৈ তেওঁ প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কেইবাটাও টুইট কৰিছে বিগত সময়ছোৱাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us