/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/image5f469e89-4396-4f45-937b-49b608d2fb91.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০১৯ৰ অন্তিম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণক কেন্দ্ৰ কৰি মধ্যপ্ৰদেশৰ ভূপাল লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে কংগ্ৰেছ-বিজেপিয়ে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰে বৃহস্পতিবাৰে ভূপালত নিৰ্বাচনী প্ৰচাৰ চলাই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি নাথুৰাম গডছেক এগৰাকী দেশভক্ত আখ্যা দিয়াক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ।
উল্লেখ্য যে, দেওবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি দক্ষিণৰ ৰাজনৈতিক নেতা তথা অভিনতা কামাল হাচানে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উগ্ৰবাদী হিন্দু বুলি অভিহিত কৰিছিল। এই সন্দৰ্ভত বৃহস্পতিবাৰে সাংবাদিকে বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰক সোধা এক প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়, 'নাথুৰাম গডছে এগৰাকী দেশভক্ত আছিল, আছে আৰু চিৰদিন থাকিব। তেওঁক সন্ত্ৰাসবাদী বুলি কোৱা সকলে প্ৰথমে নিজকে পৰীক্ষা কৰক। এনেদৰে কোৱাসকলক এইবাৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব।'
ইফালে বিজেপি প্ৰাৰ্থীগৰাকীৰ এই মন্তব্যৰ পিছতে বিৰোধীৰ লগতে বিজেপিৰ ভিতৰ চৰাতো সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ। যাৰ পৰিপ্ৰেক্ষিত প্ৰজ্ঞা সিং ঠাকুৰে অৱশেষত এই মন্তব্যৰ বাবে প্ৰদেশ বিজেপিৰ ওচৰত ক্ষমা বিচাৰে আৰু নিজে কৰা মন্তব্য উভতাই লয়। আনফালে প্ৰজ্ঞাৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিঙে। সন্ত্ৰাসবাদীক বিজেপিয়ে নিজৰ গুৰু বুলি ভাৱে বুলি মন্তব্য কৰে দিগ্বিজয় সিঙে। তেওঁ কয়, 'প্ৰজ্ঞা সিঙৰ পৰা ইয়াতকৈ বেছি আশা কৰিব নোৱাৰি।'