বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত আৰক্ষী! ভাইৰেল VIDEO

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত আৰক্ষী! ভাইৰেল VIDEO

author-image
asomiyapratidin
New Update
বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত আৰক্ষী! ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ বিজেপিৰ এক জনসভাত উপস্থিত থকা জনতাক খাদ্য আৰু পানী যোগান ধৰাৰ কামত আৰক্ষীৰ বাহন ব্যৱহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছত বিৰোধীয়ে ৰাজ্যখনত বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টোত দেখা পোৱা গৈছিল জম্মু-কাশ্মীৰ আৰক্ষীৰ এখন বাহনে কঢ়িয়াই আনিছিল পানী আৰু খাদ্য সামগ্ৰী। বাহন খনৰ পৰা সেই খাদ্য আৰু পানী বিতৰণ কৰিছিল বিজেপি কৰ্মীয়ে। উল্লেখযোগ্য যে, এই জনসভাত সম্বোধন কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে। অনন্তনাগত অনুষ্ঠিত হৈছিল এই নিৰ্বাচনী সভা।

এই কাণ্ড সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰক্ষীয়ে কয়, এই বাহনখন নিৰাপত্তা আৰু সভালৈ অহা নেতাসকলৰ এছক'ৰ্টৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আৰক্ষীয়ে কেনেকৈ এই বাহনখনৰ অপব্যৱহাৰ হ'ল সেই সন্দৰ্ভত তদন্তৰ ব্যৱস্থা কৰিছে। এই কাণ্ডৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নেশ্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুলাই কৈছে, 'ভাল কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে।' তেওঁ লগতে নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ সন্দৰ্ভতো এক টুইট কৰে।


— Azaan Javaid (@AzaanJavaid) April 27, 2019