New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D41UDGxXoAARnA-.jpg)
- পশ্চিম বংগৰ আচাঞ্চলত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী প্ৰচাৰ।
- নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মমতা বেনাৰ্জী আৰু কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ মোডী।
- '২০১৪ৰ পূৰ্বে কংগ্ৰেছে দুৰ্নীতিৰ ৰেকৰ্ড গঢ়িছিল।'
- 'এতিয়া কোনে কিমান দুৰ্নীতি কৰিব পাৰে তাৰ বাবে কংগ্ৰেছৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামিছে তৃণমূল কংগ্ৰেছ।'
- 'তৃণমূল কংগ্ৰেছৰ শাসনত দুৰ্নীতি আৰু অপৰাধ অনিয়ন্ত্ৰিত হৈ পৰিছে।'
- 'এই দুৰ্নীতিৰ অংশ 'স্পীড ব্ৰেকাৰ' দিদিও।'
- ইফালে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সন্দৰ্ভত মন্তব্য কৰি মোডীয়ে কয়-
- 'কেইখনমান আসনত নিৰ্বাচন খেলি আমাৰ দিদিয়ে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে।'
- 'পিছে প্ৰধানমন্ত্ৰীৰ পদ নিলামত লাভ কৰিব নোৱাৰি।'
- 'তেনেকৈ পৰা হ'লে কংগ্ৰেছ আৰু মমতা দিদিয়ে আজি তেওঁলোকৰ সকলো ক'লাধন লৈ নিলামৰ ডাক দিলেহেঁতেন।'
- 'দিদি, প্ৰধানমন্ত্ৰীৰ পদ নিলামত নাপায় যে আপুনি সাৰদা, নাৰদা কেলেংকাৰীৰ ধনেৰে তাক ক্ৰয় কৰিব।'
- জনসভাত পুনৰ এবাৰ বিজেপিৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে নৰেন্দ্ৰ মোডীয়ে।
- পশ্চিম বংগত বিশাল ভোটত আটাইকেইখন আসনতে বিজেপিয়ে জয়লাভ কৰিব বুলি দাবী মোডীৰ।