/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/95646-pti5232019000464b.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দ্বিতীয় কাৰ্যকালৰে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব মহাশক্তিমান নৰেন্দ্ৰ মোডী। বৃহস্পতিবাৰে সন্ধিয়া ৭.০০ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ সমাৰোহ। এই সমাৰোহৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। নেপাল, বাংলাদেশ, ভূটানকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ ৭ গৰাকীকৈ ৰাষ্ট্ৰনেতা আৰু এশ প্ৰবাসী ভাৰতীয়সহ ৮ হাজাৰ অতিথিৰ উপস্থিতিত প্ৰধানমন্ত্ৰীৰূপে শপত ল'ব নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীক শপত বাক্য পাঠ কৰোৱাব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D7x3VTDU0AAZmea.jpg)
ইফালে শপত গ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে প্ৰথমে ৰাজঘাটৰ মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ইয়াৰ পিছতে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সমাধিক্ষেত্ৰ দিল্লীৰ সদৈভ অটল সমাধিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
#WATCH Prime Minister Narendra Modi pays tribute to Mahatma Gandhi at Rajghat. Later today, President Ram Nath Kovind will administer the oath of office and secrecy to PM Modi. pic.twitter.com/5LbxQBuhkW
— ANI (@ANI) May 30, 2019
পৰৱৰ্তী সময়ত তেওঁ দিল্লীৰ নেশ্যনেল ৱাৰ মেম'ৰীয়েলত উপস্থিত হৈ বীৰ শ্বহীদক স্মৰণ কৰে। সেই সময়ত প্ৰধানমন্ত্ৰীক সংগ দিয়ে স্থল সেনাপ্ৰধান বিপিন ৰাৱট, নৌ সেনা প্ৰধান এডমিৰেল সুনীল লাম্বা আৰু বায়ু সেনাৰ ভাইচ চীফ আৰ কে এছ ভদৌৰিয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D7x05L3UIAAfU9i.jpg)
উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। তাৰ বিপৰীতে কংগ্ৰেছৰ ছোনীয়া আৰু ৰাহুল গান্ধী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ লগতে আন বহু কেইগৰাকী ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'ব বুলি জানিব পৰা গৈছে।
মডেল জগতৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা নৱনীত কৌৰ ৰাণাই প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ তেওঁক আমন্ত্ৰন জনোৱাক লৈ আনন্দ প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D7yFAxPU8AABBxl.jpg)
প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ সমাৰোহৰ অংশীদাৰ হোৱাৰ সুযোগ পাই তেওঁ সুখী হোৱা বুলি জানিবলৈ দি কয়- 'এই সময় যুৱ প্ৰজন্মই আগবাঢ়ি যোৱাৰ সময়। প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক লগত লৈ আগবাঢ়ি যাব বিচাৰিছে। প্ৰধানমন্ত্ৰীৰ এনে পদক্ষেপে দেশক উন্নয়নৰ দিশতো আগবঢ়াই নিব।'