New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4bINkyUwAAE8EN.jpg)
- 'আমি 'পিএম নৰেন্দ্ৰ মোডী' ছবিখনৰ মুক্তিৰ অনুমতি বিচাৰি নিৰ্বাচন আয়োগক অনুৰোধ জনাইছো।'
- বৃহস্পতিবাৰে এই মন্তব্য কৰে অভিনেতা বিবেক অবেৰয়ে।
- ছবিখনক লৈ চলি আছে বিতৰ্ক।
- ছবিখনৰ মুখ্য ভূমিকাত অৰ্থাৎ নৰেন্দ্ৰ মোডীৰ ভূমিকাত অভিনয় কৰিছে বিবেক অবেৰয়ে।
- ছবিখন যোৱা ৫ এপ্ৰিলত মুক্তি লাভ কৰা বিষয়ে চৰ্চা হৈছিল।
- কিন্তু ছবিখনে নিৰ্বাচনী আচৰণবিধি উলংঘন কৰাৰ দাবী উত্থাপন কৰি তাৰ মুক্তিৰ বাধা আৰোপ কৰিবলৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছিল বিৰোধীয়ে।
- যাৰ ফলত ছবিখনৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰিছিল নিৰ্বাচন আয়োগেও।
- 'বুধবাৰে ছবিখন নিৰ্বাচন আয়োগে প্ৰত্যক্ষ কৰে।'
- 'মই আপোনালোকক বুজাব নোৱাৰে তেওঁলোকে ছবিখন চাই কেনে পালে।'
- 'কিন্তু তেওঁলোকৰ সঁহাৰিয়ে আমাক যথেষ্ট সুখী কৰিছে।'
- এই মন্তব্য কৰে অভিনেতা বিবেক অবেৰয়ে।
- ছবিখনৰ মুক্তিৰ বাবে অনুমতি বিচাৰি আবেদন জনোৱা বুলিও জানিবলৈ দিয়ে অভিনেতাজনে।
- উল্লেখ্য যে, ছবিখনত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হোৱালৈকে কাহিনী দৃশ্যায়ন কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us