/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/lok-sabha-polls-pm-modi-rally_7af7b600-5acd-11e9-93dc-bd285d0e4b85.jpg)
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী জনসভাত অংশ লৈ বিৰোধীক তীব্ৰ কটাক্ষ কৰে। তেওঁ কংগ্ৰেছক আক্ৰমণ কৰি কয় যে, নামদাৰ সকলে ভাষণৰ আৰম্ভণি গালিৰে কৰে। দেশ ৰাষ্ট্ৰভক্তিৰে চলে নে গালিৰে। লগতে ১৯৮৪চনৰ শিখ বিৰোধী সংঘৰ্ষৰ সন্দৰ্ভত কংগ্ৰেছ নেতা সোম পিত্ৰোদাই কৰা মন্তব্য 'হ'লে হ'ল'ক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়- এয়া কংগ্ৰেছৰ অহংকাৰ।
প্ৰধানমন্ত্ৰী নৰেন্দৰ মোডীয়ে লগতেকয়- '২০১৪চনৰ লোকসভা নিৰ্বাচন শাসক বিৰোধী আছিল। কিন্তু ২০১৯ৰ লোকসভা নিৰ্বাচন শাসকৰসমৰ্থনৰ। ২০১৪ৰ নিৰ্বাচন ভষ্ট্ৰাচাৰৰ বিৰুদ্ধে আছিল আৰু এইবাৰৰ নিৰ্বাচন দেশবাসীৰবিশ্বাসৰ নিৰ্বাচন।' লগতে তেওঁ নিৰ্বাচনীসভাত কয়- '২০১৪ৰ নিৰ্বাচনৰ সময়ত দেশবাসীয়েমোৰ কামৰ সন্দৰ্ভত কেৱল শুনাহে পাইছিল। কিন্তু এইবাৰৰ নিৰ্বাচনত দেশৰ বাবে মই কৰাকামৰ কথা ৰাইজে বুজিছে আৰু জানিছে।'