/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/012de279-8981-4a67-acf6-487b53123cca.jpg)
ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনত বৃহৎ বিজয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ সৈতে শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী আৰু মুৰুলী মনোহৰ যোশীক সাক্ষাৎ কৰি আশীৰ্বাদ লয়। সাক্ষাতৰ পিছতে মুৰুলী মনোহৰ যোশীয়ে কয়, 'আমি দল গঠন কৰিলো। আমি যি গছ পুলি ৰুইছিলো আজি তাত ফল লাগিব ধৰিছে। এতিয়া তেওঁলোকৰ দায়িত্ব বৃদ্ধি পাইছে। এটা কথা স্পষ্ট যে দেশৰ ওচৰত বিকল্প আছিল। কিন্তু এখন শক্তিশালী চৰকাৰ গঠনৰ বাবে মোডী আৰু বিজেপিৰ বাহিৰে দেশবাসীৰ ওচৰত কোনো বিকল্প নাছিল। মই এটাই আশা কৰো যাতে দলে সৰ্বোত্তম ক্ষমতাৰে সদায় কাম কৰি যায়।'
ইফালে, বিজেপিৰ পিতামহস্বৰূম লালকৃষ্ণ আদৱানীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি নৰেন্দ্ৰ মোডীয়ে কয়, 'আজি বিজেপিয়ে এই বৃহৎ সফলতা এইকাৰণেই লাভ কৰিবলৈ সক্ষম হৈছে যে দশক দশক ধৰি লালকৃষ্ণ আদৱানীৰ দৰে নেতাই অতি কষ্ট আৰু ত্যাগৰ বিনিময়ত দলটো থিয় কৰাইছে।' প্ৰধানমন্ত্ৰী মোডীয়ে মুৰুলী মনোহৰ যোশীৰ প্ৰশংসাৰে কয়, 'যোশী এগৰাকী বুদ্ধিমান ব্যক্তি। ভাৰতীয় শিক্ষা পদ্ধতিত তেওঁৰ যোগদান অবিস্মৰণীয়। তেওঁ বিজেপিক শক্তিশালী কৰাৰ স্বাৰ্থত কাম কৰি আহিছে। তেওঁৰ নেতৃত্বতে ময়ো নিজকে শক্তিশালী কৰিব পাৰিছো।'