/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/370251-katrina.jpg)
ডিজিটেল ডেস্কঃ এতিয়া নিৰ্বাচনৰ বতৰ। দেশৰ প্ৰতিটো প্ৰান্ততে এতিয়া বলিছে নিৰ্বাচনৰ বতাহ। প্ৰতিজন লোকেই পচন্দৰ প্ৰাৰ্থীক ভোট দি সাব্যস্ত কৰিছে ভোটাধিকাৰ। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই বলিউদৰ অভিনেতা-অভিনেত্ৰী সকলো। বলিউদৰ কেইবাজনো অভিনেতা-অভিনেত্ৰী এইবাৰৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে বহুতে বিভিন্ন দলৰ হৈ প্ৰচাৰ কাৰ্যসূচীতো অংশ লৈছে।
দেশৰ জনগণক বিভিন্ন সময়ত সজাগ-সচেতন কৰাৰ ক্ষেত্ৰত আগত থকা এই অভিনেতা সকলৰ কিছু অভিনেতাই ভাৰতবৰ্ষত সাব্যস্ত কৰিব নোৱাৰে ভোটাধিকাৰ। ইয়াৰ ভিতৰত আছে অভিনেতা অক্ষয় কুমাৰ, কেটৰীণা কেঈফ, দীপিকা পাডুকণ আৰু আলিয়া ভট্ট।
খবৰ অনুসৰি, জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ভাৰতবৰ্ষত ভোটদান কৰিব নোৱাৰৰ কাৰণ হ'ল অক্ষয় ভাৰতৰ লগতে কানাডাৰো নাগৰিকত্ব আছে। ঠিক তেনেকৈয়ে আলিয়া ভট্টৰো আছে বিট্ৰিছ নাগৰিকত্ব। মাতৃ সৌনী ৰাজদানৰ বিট্ৰিছ নাগৰিকত্বৰ সূত্ৰে আলিয়াই লাভ কৰিছিল এই নাগৰিকত্ব।কিছু দিনৰ পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলা দীপিকাই ভাৰতবৰ্ষত ভোটদান কৰিব নোৱাৰাৰ কাৰণ হ'ল দীপিকাৰ আছে ডেনিছৰ নাগৰিকত্ব। ঠিক তেনেকৈয়ে কেটৰীণাৰো নাই ভাৰতীয় নাগৰিকত্ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us