গপত গংগাটোপ! এগজিট প’ল প্ৰকাশৰ পিছদিনাই মন্ত্ৰীসভাৰ পৰা আদিত্যনাথে বৰ্খাস্ত কৰিলে কোন মন্ত্ৰীক…

গপত গংগাটোপ! এগজিট প’ল প্ৰকাশৰ পিছদিনাই মন্ত্ৰীসভাৰ পৰা আদিত্যনাথে বৰ্খাস্ত কৰিলে কোন মন্ত্ৰীক…

author-image
asomiyapratidin
New Update
গপত গংগাটোপ! এগজিট প’ল প্ৰকাশৰ পিছদিনাই মন্ত্ৰীসভাৰ পৰা আদিত্যনাথে বৰ্খাস্ত কৰিলে কোন মন্ত্ৰীক…

ডিজিটেল ডেস্কঃ এগজিট প'ল প্ৰকাশৰ পাছতেই গপত গংগাটোপ হৈছে বিজেপি। পুনৰ ৩০০ৰো অধিক আসনেৰে কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হ'ব বুলি এগজিট প'লৰ ফলাফল প্ৰকাশৰ পিছদিনাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিলে এজন মন্ত্ৰীক। আদিত্যনাথে বৰ্খাস্ত কৰা মন্ত্ৰীজনৰ নাম ওম প্ৰকাশ ৰাজভৰ। তেওঁ ২০১৭ চনৰ পৰা আদিত্যনাথ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিল।
.
সুহলদেৱ ভাৰতীয় সমাজ পাৰ্টীৰ অধ্যক্ষ ৰাজভৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে তেওঁ চলিত বৰ্ষৰ এপ্ৰিল মাহতে পদত্যাগ পত্ৰ দাখিল কৰিছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ হাতত। কিন্তু সেয়া গ্ৰহণ নকৰি এগজিট প'লৰ ফলাফল প্ৰকাশৰ পিছদিনাই মন্ত্ৰীগৰাকীক বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে, ৰাজভৰে ৰাজহুৱা সভাত আদিত্যনাথক সমালোচনা কৰিছিল। দেওবাৰেও মন্ত্ৰীজনে সংবাদ মাধ্যমক কৈছিল যে উত্তৰ প্ৰদেশত বিজেপিতকৈ বহু ভাল ফলাফল কৰিব মায়াবতী আৰু অখিলেশ যাদৱৰ মিত্ৰদলে। এইবাৰো ৰাজভৰৰ দৰে ৩৯ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰা বাৰানসী সমষ্টিও আছে।