/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/ncp_logo.jpg)
ডিজিটেল ডেস্কঃ এগজিট প'লৰ ফলাফলত মহাৰাষ্ট্ৰত শিৱসেনা আৰু বিজেপিৰ মিত্ৰজোঁটে লাভ কৰা জয়ৰ পিছতে এইবাৰ নেশ্যনেল কংগ্ৰেছ পাৰ্টীত সৃষ্টি হৈছে খহনীয়া। বুধবাৰে দলটোৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়দত্ত শ্ৰীৰসাগৰে পদত্যাগ পত্ৰ দাখিল কৰে। নেতাগৰকীয়ে এনচিপিৰ পৰা পদত্যাগৰ পিছতে শিৱসেনাত যোগদান কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে জয়দত্ত মহাৰাষ্ট্ৰৰ বীড় জিলাৰ ৬ সমষ্টিৰ একমাত্ৰ এনচিপি বিধায়ক আছিল। অৱশ্যে তেওঁ দলৰ পৰা পদত্যাগ সন্দৰ্ভত দীৰ্ঘদিনৰ পৰা চৰ্চা চলি আহিছিল যদিও ইয়াৰ পূৰ্বে তেওঁৰ পদত্যাগৰ সম্ভাৱনা খাৰিজ কৰিছিল এনচিপিয়ে। কিন্তু লোকসভা নিৰ্বাচন, ২০১৯ৰ ফলাফল ঘোষণাৰ মাত্ৰ এদিন পূৰ্বে জয়দত্ত শ্ৰীৰসাগৰে এনচিপিৰ পৰা পদত্যাগ কৰি শিৱসেনাত যোগদান কৰাৰ সিদ্ধান্ত লয়।
জানিব পৰা মতে, বিগত এপ্ৰিল মাহত শ্ৰীৰসাগৰে শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেক তেওঁ বাসগৃহত সাক্ষাৎ কৰিছিল। সেই সময়ত তেওঁ উদ্ধৱ থাকৰেক হিন্দু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবেই সাক্ষাৎ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিলেও তাৰ অন্তৰালত তেওঁ গোপনে শিৱসেনাত যোগদানৰ প্ৰস্তুতি চলোৱা বুলি অনুমান কৰা হয়।