এয়া নিৰ্বাচন নহয়, ৰাম-ৰাৱন, কৃষ্ণ-কংস, গোডচে-গান্ধীৰ যুদ্ধঃ সিদ্ধু

এয়া নিৰ্বাচন নহয়, ৰাম-ৰাৱন, কৃষ্ণ-কংস, গোডচে-গান্ধীৰ যুদ্ধঃ সিদ্ধু

author-image
asomiyapratidin
New Update
এয়া নিৰ্বাচন নহয়, ৰাম-ৰাৱন, কৃষ্ণ-কংস, গোডচে-গান্ধীৰ যুদ্ধঃ সিদ্ধু

ডিজিটেল ডেস্কঃ আজি দেশৰ ১৩ ৰাজ্যৰ মুঠ ৯৬ টা সমষ্টিত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচন, ২০১৯ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তেনে সময়তে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আহমেদাবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয় পঞ্জাৱৰ মন্ত্ৰী তথা বিতৰ্কিত কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধুৱে। নিৰ্বাচনী সভাত গোধৰা কাণ্ডৰ বিষয়ে উল্লেখ কৰি এই কাণ্ডক লৈ যদি কোনোবাই নৰেন্দ্ৰ মোডী বা বিজেপিৰ প্ৰশ্ন কৰে, তেন্তে তেওঁক দেশদ্ৰোহী আখ্যা দিয়া হৈ আহিছে বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

আনফালে ২০১৯ৰ লোকসভা নিৰ্বাচন কৃষ্ণ আৰু কংসৰ মাজত যুঁজৰ সৈতে তুলনা কৰে সিদ্ধুৱে। কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ সকলৰ অন্তৰ্ভূক্ত নেতাগৰাকীয়ে কয়, 'চীনে সমুদ্ৰ তলিত ৰে'ল লাইন নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে। আমেৰিকাই মংগল গ্ৰহত জীৱৰ সন্ধানত ব্যস্ত হৈ আছে, ৰুছে ৰবট আৰ্মী আবিস্কাৰৰ প্ৰস্তুতি চলাইছে। কিন্তু ভাৰতে কি কৰিছে? আজিও ভাৰতে আজিও চকীদাৰৰ দল খোলাতে ব্যস্ত হৈ আছে। তাকো আপোনালোকে জানি থোৱা ভাল যে সেই চকীদাৰৰ দল আচলতে চোৰৰ দল।'

সিদ্ধুৱে পুনৰ কয়, 'আপুনি ৰাষ্ট্ৰবাদৰ কথা কয়। তেন্তে আপুনি শুনক, এই যুদ্ধ ভগৱান কৃষ্ণ আৰু কংস, ৰাম আৰু ৰাৱণ, গোডচে আৰু গান্ধীৰ মাজৰ যুদ্ধ।' এই যুদ্ধৰ আৰম্ভণি আপোনালোকেই কৰিছে। আজি দেশৰ জনতা মুৰ্খ নহয়। তেওঁলোকে সকলো বুজি পায়। সেয়ে তেওঁলোকে এইবাৰ ন্যায়ৰ হৈ মাত মাতিব।'