খুমটাইত বিধায়ক মৃণাল শইকীয়াৰ ভোটদান..VIDEO

খুমটাইত বিধায়ক মৃণাল শইকীয়াৰ ভোটদান..VIDEO

author-image
asomiyapratidin
New Update
খুমটাইত বিধায়ক মৃণাল শইকীয়াৰ ভোটদান..VIDEO

ডিজিটেল সংবাদ, খুমটাইঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আজিৰে পৰা অনুষ্ঠিত হৈছে ।খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই মেলামৰা হাইস্কূলৰ ভোট কেন্দ্ৰত ভোট প্ৰদান কৰে।ভোট সাব্যস্ত কৰি বিধায়ক গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে এইবাৰো ৫ বছৰৰ কাৰণে নৰেন্দ্ৰ মোডীক শাসনত বহোৱাব। এই শাসনত দেখিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিবিলাক সপোন আছিল সেইবিলাক সপোন বাস্তৱত পৰিণত কৰিবলৈ ৫ বছৰে যথেষ্ট নহয় সেয়ে ৰাইজে পুনৰ  মোদীকে নিৰ্বাচিত কৰিব।

অহা ৫ বছৰ যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হ'ব সপোন বিলাক যেতিয়া বাস্তৱত পৰিণত হ'ব তেতিয়া অহা ৫ বছৰত ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও নিৰ্বাচনী প্ৰচাৰ চলাব নালাগে ৰাইজে নিজে নিজে প্ৰচাৰ কৰি নৰেন্দ্ৰ মোডীকে শাসনত বহোৱাব বুলি জানিবলৈ দিয়ে। আনহাতে খুমটাইত কংগ্ৰেছক বিদায় দিব বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে ।