কিমান সঠিক এগজিট প’ল ?

কিমান সঠিক এগজিট প’ল ?

author-image
asomiyapratidin
New Update
কিমান সঠিক এগজিট প’ল ?

এই শিতানটোৰ জৰিয়তে ৰাইজৰ মত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰত প্ৰকাশ কৰা হয়। চৰ্চিত বিষয়ৰ সন্দৰ্ভত অতি চমুকৈ লিখা অৰ্থপূৰ্ণ লেখা এই শিতানত প্ৰকাশ পায়। আজিৰ 'মোৰ মত'ত জ্যেষ্ঠ সাংবাদিক পাৰ্থজ্যোতি বড়াৰ শেহতীয়াকৈ প্ৰকাশ কৰা এগজিট প'লৰ ফলাফল সন্দৰ্ভত এক বিশ্লেষণ-

♦ পার্থ জ্যোতি বড়া

লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায় শেষ হোৱাৰ মুহূৰ্ততে আৰম্ভ হল এগজিট প'লৰ কোলাহল । সংবাদ প্ৰতিষ্ঠান বোৰে লোকসভা নিৰ্বাচনৰ ভোটদান পৰ্ব অন্ত পৰাৰ পাছ মুহূৰ্ততে মুকলি কৰিলে
এগজিট প'ল । সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰৰ পৰা প্ৰশ্নোত্তৰ সংগ্ৰহ কৰি এই সমূহৰ সঠিক পৰিসংখ্যাগত বিশ্লেষণ কৰি ভোটদান শেষ হোৱাৰ কিছু সময়ৰ পাছত এগজিট প'ল প্ৰকাশ কৰিলে ফলাফল আৰু নিখুঁত হব যেন লাগে ।

অৱশ্যে অপিনিয়ন প'ল অথবা এগজিট প'ল এক নিৰ্বাচনী পৰম্পৰা । বিশ্বৰ বহু কেইখন দেশ এই নিৰ্বাচন অনুধাৱন বিজ্ঞানত (Psephology) ভাৰতকৈ বহু আগবঢ়া। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইউৰোপ মহাদেশৰ বহু কেইখন বিশ্ববিদ্যালয়ত psephologyৰ বহু কেইটা দিশৰ ওপৰত অধ্যয়ন/গৱেষণা ইতিমধ্যে সম্পন্ন হৈছে আৰু সেই সমূহ theorize কৰা হৈছে।

আমাৰ দেশত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰা অন্তিম ভোট গ্ৰহণ পৰ্যন্ত অপিনিয়ন প'ল নিষিদ্ধ কৰাৰ পাছত এগজিট প'ল বিশেষকৈ সংবাদ প্ৰতিষ্ঠান সমূহৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। অপিনিয়ন পলতকৈ এগজিট প'ল কিন্তু সঠিক বুলি পৰিগণিত হৈছে। তাৰ বহুকেইটা কাৰণ আছে। অপিনিয়ন প'লৰ প্ৰশ্নোত্তৰ সংগ্ৰহ কৰোঁতে পলষ্টাৰৰ হাতত ভোটদানৰ প্ৰকৃত পৰিসংখ্যা নাথাকে। তদুপৰি সংগ্ৰহকৰ্তাই ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব লাগে। 'আপুনি কাক ভোট দিব' এই প্ৰশ্নই সাধাৰণ ভোটাৰক ক্ষোভিত কৰে। আনহাতে 'আপুনি কাক ভোট দিলে' এই প্ৰশ্নৰ কিছু পৰ্যায়লৈকে সঠিক উত্তৰ পোৱা যায়। অৰ্থাৎ
এগজিট প'ল ভোট দিয়া জনৰ ৰাজনৈতিক মানসিকতা প্ৰতিফলিত হয়। অপিনিয়ন প'লত অংশগ্ৰহণ কৰাজনে পাছত ভোট নিদিয়াৰ সম্ভাৱনাও থাকে। লগতে ভাৰতীয় ভোটাৰৰ মানসিকতাৰ যিকোনো মুহূৰ্তত পৰিবৰ্তন হব পাৰে। অপিনিয়ন প'লত অংশ লোৱা সকলৰ মন বদলি হোৱাৰ বহু প্ৰমাণ পোৱাৰ কথা ড০ প্ৰণয় ৰয়ে তেওঁৰ Verdict নামৰ গ্ৰন্থখনত লিখিছে। ভাৰতীয় নিৰ্বাচনত আগ নিশাও Voting trend বদলি হোৱাৰ উদাহৰণ আছে- শেষ নিশাৰ খেল বা Sultan of Swing বুলি যাক কোৱা হয়। উদাহৰণ স্বৰূপে ১৯৫২ চনৰ প্ৰথমতো নিৰ্বাচনৰ পৰা যোৱাটো লোকসভা নিৰ্বাচনলৈকে সৰ্বমুঠ ৭৫ শতাংশ ফলাফল এক তৰফিয়া হৈছে (Landslide Victory)।

১৯৮০ চনৰ পৰা ২০১৪ চনলৈকে ২০০৪ চনৰটোৰ বাদে ৯৭ শতাংশ এগজিট প'ল সঠিক বুলি প্ৰমাণিত হৈছে। এইয়া অৱশ্যে লোকসভা নিৰ্বাচনৰ সমীক্ষা। বিধানসভা নিৰ্বাচনত আকৌ এগজিট প'লৰ ফলাফল বৰ প্ৰশংসনীয় নহয় । ২০০৪ চনক বাদ দি আজি পৰ্যন্ত মাত্ৰ ৭৫ শতাংশ এক্সিত পলহে সঠিক হৈছে।

স্বৰাজত্তোৰ ভাৰতত ১৯৫৭ চনত প্ৰথমটো অপিনিয়ন প'ল কৰা হৈছিল । সেই সময়ৰ Indian Institute of Opinion Poll নামৰ এটা প্ৰতিষ্ঠানে এই সমীক্ষা চলাইছিল। অৱশ্যে এই সমীক্ষাৰ তথ্য পোৱা নাযায়। তাৰ পাছত ষাঠিৰ দশকৰ শেষৰ পিনৰ পৰা ৰাজনী কোঠাৰীয়ে খোলা Center for Study of Developing Societies (CSDS)  নামৰ প্ৰতিষ্ঠানটোৱে অপিনিয়ন প'ল কৰিবলৈ আৰম্ভ কৰে। ১৯৮০ চনত Delhi School of Economicৰ প্ৰণয় ৰয় আৰু এ কে লাহিড়ীয়ে অপিনিয়ন প'ল আৰু এগজিট প'ল আৰম্ভ কৰে। ইণ্ডিয়া টুডেৰ অৰুণ পুৰীয়ে দুয়োকে অৰ্থনৈতিক সহযোগিতা আগবঢ়ায়। দুয়োৰে সমীক্ষা ইণ্ডিয়া টুডেত প্ৰকাশ পাইছিল। ৰয়-লাহিড়িক সহযোগ কৰিবলৈ ইংলেণ্ডৰ পৰা উৰা মাৰিছিল বিশ্ববিশ্ৰুত psephologist David Butler।

ৰয়-লাহিড়িয়ে Butler আৰু ভাৰতীয় পৰিসংখ্যা বিশেষজ্ঞ Dorab Sopariwalaৰ সহযোগত ১৯৮০ চনৰ লোকসভা নিৰ্বাচনৰ সঠিক ফলাফল দি দেশবাসীক আচম্বিত কৰিছিল। ৰয়, লাহিড়ি, বাটলাৰ আৰু Sopariwalaৰ বাদে ৰাজনৈতিকভাৱে সচেতন কোনেও শ্ৰীমতী গান্ধী পুনৰ বিপুল ভোটত জয়ী হৈ প্ৰধানমন্ত্ৰী হব বুলি ভবা নাছিল। ফলাফল ওলোৱাৰ আগত ৰয় বিগ্ৰেডক জনতা দলৰ বাঘা বাঘা নেতাই প্ৰশ্নবাণেৰে থকা সৰকা কৰিছিল।

ৰয় ব্ৰিগেডক সকলোতকৈ বেছি থকা সৰকা কৰিছিল ৰামাকৃষ্ণ হেগড়েই। ফলাফলৰ পিছত স্বয়ং হেগেড়েই ৰয়ক কৰ্ণাটকত অপিনিয়ন প'ল কৰিবলৈ নিমন্ত্ৰণ জনাইছিল। ৰয়ে নিমন্ত্ৰণ গ্ৰহণ কৰি হেগড়েৰ হৈ ১৯৮৩ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত অপিনিয়ন প'ল কৰিছিল। সমীক্ষাৰ অন্তত কৰ্ণাটকৰ মহিলাসকল হেগড়েৰ পক্ষত নথকাৰ উমান পায় ৰয়ে সেই কথা হেগড়েক জনাইছিল। ৰয়ৰ নিৰ্বাচনী জ্ঞানক সৰোগত কৰি হেগড়েই নিৰ্বাচনী প্ৰচাৰত মহিলাক প্ৰাধান্য দিয়া আৰম্ভ কৰিলে। মহিলাক শাড়ী বিতৰণ কৰাৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী সভাত তেওঁলোকক শাৰীৰ আগলৈ আহিবলৈ অনুৰোধ কৰিবলৈ ধৰিলে। সেই নিৰ্বাচনত হেগড়ে বিপুল ভোটত জয়ী হল।

ভাৰতৰ ক্ষেত্ৰত নিৰ্বাচনৰ পূৰ্বেই ফলাফল অনুধাৱন কৰাটো জটিল। আমেৰিকা তথা ইউৰোপৰ দেশ সমূহৰ জনগাঁথনি একধৰণৰ (Homogenous)। সেয়ে Voting patternও একেধৰণৰ। ভাৰত জাতি, ধৰ্মৰ ভিত্তিত বহুধা বিভক্ত সেয়ে ৰাজনীতিও। তাৰ ওপৰি ভোটাৰ গোপন মতদানত বিশ্বাসী। তেনেস্থলত প্ৰাক নিৰ্বাচনী ফলাফল সমীক্ষা জটিল।

এইবাৰৰ এগজিট প'ল কিমান সঠিক হব ? ২০১৯ চনৰ নিৰ্বাচনী সমীক্ষা ২০০৪ সদৃশ ভৰপূৰ প্ৰত্যাহ্বান সূচক হব বুলি বহুজনে মন্তব্য কৰে। ইতিমধ্যে ৬/৭ টা সমীক্ষাই বিজেপি বিপুল ভোটত জয়ী হোৱাৰ নিশ্চিত ইংগিত বহন কৰিছে। আৰু চাগৈ এয়াই সত্য। নিৰ্বাচনী ফলাফলৰ পূৰ্বে অনুধাৱন কৰাৰ এই বিজ্ঞান ভোটাৰৰ উত্তৰৰ ওপৰত নিৰ্ভৰশীল। আজিলৈকে এই লিখক সমীক্ষা কৰা ব্যক্তিৰ প্ৰশ্নৰ সন্মুখীন হোৱা কোনো ভোটাৰৰ সান্নিধ্যলৈ অহা নাই। আন কোনোবাই প্ৰশ্নৰ সন্মুখীন হৈছে যদিও লেখক অৱগত নহয়। তেনেস্থলত গণনাৰ দিনালৈকে অপেক্ষা কৰাৰ বাদে লেখকৰ হাতত আন কোনো গত্যন্তৰ নাই। অৱশ্যে যদিহে বিজ্ঞানসন্মত পদ্ধতিৰে তথা নিষ্ঠাৰে এই কাম সমাধা কৰা হৈছে ই সঠিক উত্তৰেই দিব।