বাৰানসীত মোডী vs প্ৰিয়ংকা…

বাৰানসীত মোডী vs প্ৰিয়ংকা…

author-image
asomiyapratidin
New Update
বাৰানসীত মোডী vs প্ৰিয়ংকা…

ডিজিটেল ডেস্কঃ বাৰানসী লোকসভা সমষ্টিৰ পৰা মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু প্ৰিয়ংকা গান্ধী। তেওঁৰ ভাতৃ তথা কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ সেউজ সংকেত পালেই এই নিৰ্বাচনী যুঁজত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নামিবলৈ সাজু বুলি প্ৰিয়ংকাই সদৰি কৰিলে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিলে আটাইতকৈ আকৰ্ষণীয় নিৰ্বাচনী যুঁজ হ'ব এই সমষ্টিটোত। প্ৰিয়ংকা গান্ধীয়ে এই সন্দৰ্ভত কয়- 'যদি ৰাহুল গান্ধীয়ে কয় মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, তেতিয়াহলে মই সাজু।' প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বাৰানসীতেই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলি জানিবলৈ দিয়ে।