New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5AosV2VUAAvVyl.jpg)
- বাৰানসীত গংগা আৰতিৰ পিছতে এক নিৰ্বাচনী জনসভা সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ।
- 'মোৰ বাবে দেশ প্ৰথম।'
- 'পৰিস্থিতি যিয়েই নহওক, মোৰ জীৱনৰ মূল মন্ত্ৰ এটাই, সেয়া হৈছে মোৰ দেশ।'
- 'কাশীবাসীয়ে কেৱল মোক সাংসদ হিচাপে নহয়, তেওঁলোকে মোক প্ৰধানমন্ত্ৰী হোৱাৰ আশীৰ্বাদ দিছে।'
- 'তেওঁলোকৰ আশীৰ্বাদৰ বাবেই আজি মই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিব পাৰিছো।'
- 'আজিৰ নতুন ভাৰতে কেৱল মুখেৰেই নকয়, তাক কৰিও দেখুৱাবলৈ সক্ষম।'
- 'যোৱা ৫ বছৰত ভাৰতৰ কোনো চহৰ, কোনো পবিত্ৰ স্থান অথবা মন্দিৰত কোনো সন্ত্ৰাসবাদী আক্ৰমণ হোৱা নাই।'
- 'ইমান বৃহৎ কুম্ভ মেলাও কোনো বিঘ্নিত নহোৱাকৈ শান্তিপূৰ্ণ পাৰ হৈ গ'ল।'
- 'আমি সন্ত্ৰাসবাদীক এতিয়া জম্মু-কাশ্মীৰৰ মাত্ৰ এটা অঞ্চলৰ গণ্ডীৰ মাজত সীমাবদ্ধ কৰি ৰাখিছো।'
- 'পুলৱামাত সন্ত্ৰাসবাদীয়ে আমাৰ ৪০ জোৱানক শ্বহীদ কৰিছিল, আমি তাৰ প্ৰত্যুত্তৰ দিছো।'
- 'সেই আক্ৰমণৰ পিছত আমি ৪২ জনকৈ সন্ত্ৰাসবাদীক সেই স্থানত হত্যা কৰিবলৈ সক্ষম হৈছো।'
- 'এয়াই আমাৰ কাম কৰাৰ পদ্ধতি। আমি মনে মনে বহি নাথাকো।'