/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/modi-silchar.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে অধিক তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক প্ৰচাৰ। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহাৰাষ্ট্ৰৰ মাঢ়াত এক নিৰ্বাচনী প্ৰচাৰ সভা অংশ লৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। কংগ্ৰেছক নিষ্কৰ্ম ৰাজনৈতিক দল বুলি মন্তব্য কৰি মোডীয়ে কয়, 'কংগ্ৰেছ নেতাই এদিন মোক গালি দিছিল, আজি গোটেই সমাজকে গালি দিয়া আৰম্ভ কৰিছে। মই নিম্ন বৰ্গৰ হোৱা বাবে মোৰ জাতিক লৈ ঠাট্টা কৰিছিল কংগ্ৰেছে, এতিয়া নিম্ন বৰ্গৰ লোকসকলকে কংগ্ৰেছে গালি দিছে। মোক চোৰ বুলি অভিহিত কৰা কংগ্ৰেছে এতিয়া পিছপৰা শ্ৰেণীকেই চোৰ সজাইছে।'
ইফালে, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলোৱা কংগ্ৰেছে মোডীৰ পৰিয়ালক লৈও আক্ৰমণ কৰা বুলি অভিযোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, 'পৰিয়াল এজন ব্যক্তিৰ বাবে শক্তি, গৌৰৱৰ বিষয়। পৰিয়ালব্যৱস্থা হাজাৰ বছৰ পুৰণি। কিন্তু কংগ্ৰেছে তাক লৈ মোক আক্ৰমণ কৰি আহিছে। পৰিয়ালৰ মূল্য ময়ো বুজি পাও। কংগ্ৰেছে মোক আক্ৰমণ কৰক, কোনো কথা নাই। কিন্তু পৰিয়ালৰ জ্ঞান আৰু সংস্কাৰৰ ভিত্তিত মন্তব্য কৰিব লাগে।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us