প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ, সাংবাদিকৰ ৰূপত বলীউডৰ ষ্টাৰ অক্ষয় কুমাৰ, চাওক VIDEO

প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ, সাংবাদিকৰ ৰূপত বলীউডৰ ষ্টাৰ অক্ষয় কুমাৰ, চাওক VIDEO

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ, সাংবাদিকৰ ৰূপত বলীউডৰ ষ্টাৰ অক্ষয় কুমাৰ, চাওক VIDEO

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বিশষ সাক্ষাৎকাৰ। কোনো টিভি বা বাতৰি কাকতৰ সাংবাদিকে লোৱা নাই এই সাক্ষাৎকাৰ। বলীউডৰ এগৰাকী অভিনেতাক দেখা পোৱা যাব সাংবাদিকৰ ৰূপত। তেৱেঁ সাংবাদিকৰ দৰে মোডীক সুধিছে ইটোৰ পিছত সিটো প্ৰশ্ন। এই বিশেষ সাক্ষাৎকাৰৰ দৃশ্য গ্ৰহণ ইতিমধ্যে হৈ গৈছে।

বগা পোছাকত বলীউডৰ অভিনেতাগৰাকীয়ে মোডীক কৰিছিল ইটোৰ পিছত সিটো প্ৰশ্ন। সম্পূৰ্ণ সাক্ষাৎকাৰ অৱশ্যে বুধবাৰৰ পুৱা ৯ বজাতহে মুকলি কৰি দিয়া হ'ব। লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ বহু কেইটা সংবাদ মাধ্যমক সাক্ষাৎকাৰ প্ৰদান কৰিছিল। যোৱা ৫ বছৰত দেশত এখনো সংবাদ মেলত অংশ নোলোৱা প্ৰধানমন্ত্ৰী মোডীয়ে লোকসভা নিৰ্বাচনৰ সময়ছোৱাত কেইবাটাও সাক্ষাৎকাৰ প্ৰদান কৰিছে।


— ANI (@ANI) April 23, 2019

শেহতীয়াকৈ এগৰাকী বলীউডৰ চুপাৰষ্টাৰক মোডীয়ে প্ৰদান কৰা এই সাক্ষাৎকাৰ নিৰ্বাচনী প্ৰচাৰৰে এক কৌশল বুলি গণ্য কৰা হৈছে। বলীউডৰ অভিনেতা অক্ষয় কুমাৰে গ্ৰহণ কৰিছে মোডীৰ এই সাক্ষাৎকাৰ।


— ANI (@ANI) April 23, 2019