কংগ্ৰেছ-জেডিইউৰ নাটকীয় কৰ্মকাণ্ডই জনতাক বিতুষ্ট কৰিছেঃ নৰেন্দ্ৰ মোডী

কংগ্ৰেছ-জেডিইউৰ নাটকীয় কৰ্মকাণ্ডই জনতাক বিতুষ্ট কৰিছেঃ নৰেন্দ্ৰ মোডী

author-image
asomiyapratidin
New Update
কংগ্ৰেছ-জেডিইউৰ নাটকীয় কৰ্মকাণ্ডই জনতাক বিতুষ্ট কৰিছেঃ নৰেন্দ্ৰ মোডী

ডিজিটেল ডেস্কঃ 'আবেগ আৰু নাটকীয় কৰ্মকাণ্ডৰে এখন চৰকাৰ কিমান দিনলৈ টিকিব পাৰে বাৰু'- বৃহস্পতিবাৰে এই প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কৰ্ণাটকৰ বাগালকোটত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ৰাজ্যখনৰ জেডিইউ-কংগ্ৰেছৰ মিত্ৰজোঁটক আক্ৰমণৰ লক্ষ্য কৰি লয়।

যোৱা এটা বছৰতে ৰাজ্যখনত জেডিইউ আৰু কংগ্ৰেছে লগ লাগি নাটকীয় ভাৱ ভাৱভংগী আৰু আবেগৰ নৈ বোৱাই আহিছে বুলি মন্তব্য কৰে মোডীয়ে। তাৰ বিপৰীতে ৰাজ্যখনৰ বৰ্তমানৰ চৰকাৰে উন্নয়নৰ দিশত কোনো গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন কৰে তেওঁ। কিন্তু জনতাই এতিয়া সকলো বুজি পাই চৰকাৰখনক উফৰাই পেলোৱাৰ যো-জা চলাইছে বুলি মন্তব্য কৰি লোকসভা নিৰ্বাচনত সেয়া প্ৰমাণ হ'ব বুলি দাবী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ৰাজ্যখনত কুমাৰস্বামীৰ নেতৃত্বত কংগ্ৰেছ আৰু জেডিইউৱে চৰকাৰ গঠন কৰাৰ পিছৰে পৰাই চৰকাৰখন বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে। প্ৰথমে ঘোঁৰা কিনাৰ ৰাজনীতিৰে চৰকাৰখন দ্বিখণ্ডিত কৰিবলৈ চেষ্টা চলোৱা বিজেপিয়ে কাৰ্যতঃ সেয়া সাৰ্থক কৰাত সক্ষম নোহোৱাত এতিয়া অন্যান্য পদ্ধতিৰে চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ থকা পৰিলক্ষিত হৈছে।