/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/modi-govt.jpg)
ডিজিটেল ডেস্কঃ ষোল্ল সংখ্যক লোকসভাৰ কাৰ্যকাল অন্ত পৰিল। কেন্দ্ৰীয় কেবিনেটে শুকুৰবাৰে ষোল্ল সংখ্যক লোকসভা ভংগ কৰাৰ প্ৰস্তাৱত অনুমোদন জলায়। সোত্তৰ সংখ্যক লোকসভাৰ ফলাফল ঘোষণাৰ পিছদিনাই নতুন চৰকাৰ গঠনৰ উদ্দেশ্যৰে এই লোকসভা ভংগ কৰাৰ বাবে প্ৰস্তাৱ লোৱা হয়।
প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত গঠিত কেবিনেটে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক সাক্ষাৎ কৰি মোডীয়ে এই প্ৰস্তাৱ দাখিল কৰিব। তাৰ পিছতে ১৭ সংখ্যক লোকসভা গঠনৰ বাবে কুচকাৱাজ আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে আনুষ্ঠানিক জাননিৰ জৰিয়টে সংবিধানৰ আধাৰত নতুন সদন গঠনৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিব।
আশা কৰা হৈছে নতুন চৰকাৰে ৩০ মে'ত শপত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ২৫ মে'ত এন ডি এৰ নেতাসকলৰ এখন বৈঠক বহিব। এই বৈঠকতে এন ডি এৰ অংশীদাৰ দলসমূহৰ সভাপতিয়ে অংশ ল'ব। উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অকলে ৩০৩ খন আসন লাভ কৰিছে। দলটোৱে ২০১৪ চনত লাভ কৰা আসনতকৈ ২২ খন অধিক আসন লাভ কৰিলে এইবাৰ। এন ডি এয়ে এইবাৰ লাভ কৰা আসনৰ সংখ্যা ৩৫২খন।