/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D6q2l6KX4AANYsD.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে উত্তৰপ্ৰদেশৰ মউত নিৰ্বাচনী প্ৰচাৰ চলাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মঙলবাৰে কলকতাত অমিত শ্বাহৰ ৰেলীৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিত তৃণমূল কংগ্ৰেছৰ গুণ্ডাবাহিনী জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে মোডীয়ে।
আনহাতে জনসভাত প্ৰধানমন্ত্ৰী মোডীয়ে এছপি-বিএছপিৰ মিত্ৰজোঁটকো আক্ৰমণৰ লক্ষ্য কৰি লয়। মায়াৱতীয়ে পশ্চিমবংগৰ কাণ্ডক লৈ নৰেন্দ্ৰ মোডীক কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি মোডীয়ে কয়, 'মমতা দিদিয়ে বিহাৰ, উত্তৰ প্ৰদেশ, পূৰ্বাঞ্চলবাসীক বহিৰাগত বুলি কৈ ৰাজনীতি কৰি আহিছে। দিদিৰ এনে ৰাজনীতিৰ বাবে ভগ্নী মায়াবতীয়ে দিদিক দুই এটা কথা শুনাব বুলি ভাবিছিলো, পিছে সেয়া দেখা নগ'ল। বৰং মোকহে শুনালে।'
আনহাতে কলকতাৰ হিংসাত্মক পৰিস্থিতিত ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে প্ৰধানমন্ত্ৰীয়ে। বিদ্যাসাগৰ কেৱল পশ্চিম বংগৰে নহয়, সমগ্ৰ দেশবাসীৰ বাবে মহান মণীষী বুলি মন্তব্য কৰে মোডীয়ে। তেওঁ কয়, 'বিদ্যাসাগৰৰ দৰে এগৰাকী মহান দাৰ্শনিক, চিন্তাবিদৰ এনেদৰে অপমান কৰাটো কেতিয়াও সহ্য কৰিব নোৱাৰি। তৃণমূলৰ গুণ্ডাবাহিনীয়ে এনে কাণ্ড সংঘটিত কৰিছে। দোষীক বিচাৰি কঠোৰ শাস্তি বিহা উচিত।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us