মোডীৰ নতুন মন্ত্ৰীসভাত কোন কোন? মোডী-অমিত শ্বাহৰ ৰুদ্ধধাৰ বৈঠক…

মোডীৰ নতুন মন্ত্ৰীসভাত কোন কোন? মোডী-অমিত শ্বাহৰ ৰুদ্ধধাৰ বৈঠক…

author-image
asomiyapratidin
New Update
মোডীৰ নতুন মন্ত্ৰীসভাত কোন কোন?  মোডী-অমিত শ্বাহৰ ৰুদ্ধধাৰ বৈঠক…

ডিজিটেল ডেস্কঃ দেশৰ ১৫ সংখ্যক প্ৰধানমন্ত্ৰী ৰূপে বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত শপত লব নৰেন্দ্ৰ মোডীয়ে। সুত্ৰৰ খবৰ অনুসৰি মোডীৰ লগতে ৬০-৭০ জন মন্ত্ৰীয়েও শপত লোৱাৰ সম্ভাৱনা আছে। শপত গ্ৰহণৰ পূৰ্বে মোডীৰ মন্ত্ৰীসভাত কোন কোন নেতাই মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। ইয়াৰ মাজতে বুধবাৰে নৰেন্দ্ৰ মোডীক অমিত শ্বাহে সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয়।

Advertisment

এই বৈঠকত দুয়োজন নেতাই কোন নেতাই মন্ত্ৰিত্ব লাভ কৰিব আৰু কাক কাক কি মন্ত্ৰালয় অৰ্পন কৰা হ'ব তাক লৈও আলোচনা হয় বুলি জানিব পৰা হৈছে। দিল্লীৰ ৭ লোক মাৰ্গত প্ৰায় ৫ ঘণ্টা জুৰি চলে এই বৈঠক। খবৰ অনুসৰি ৩০ মে'ৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে মন্ত্ৰিত্ব পোৱা নেতা সকলক ফোনযোগেৰে অৱগত কৰা হ'ব।

এইবাৰৰ মন্ত্ৰীসভাত বহু নতুনত্ব থাকিব বুলি ইতিমধ্যেই বিজেপি শীৰ্ষ নেতাই ইংগিত প্ৰদান কৰিছে। মন্ত্ৰিত্বৰ চূড়ান্ত তালিকাৰ সন্দৰ্ভত আজি দিল্লীত কেইবাখনো সভা অনুষ্ঠিত হ'ব বুলি জানিব পৰা হৈছে।