জয়ৰ পাছত কি ক’লে মোডীয়ে…

জয়ৰ পাছত কি ক’লে মোডীয়ে…

author-image
asomiyapratidin
New Update
জয়ৰ পাছত কি ক’লে মোডীয়ে…

ডিজিটেল ডেস্কঃ বাৰানসী লোকসভা সমষ্টিত নিৰ্বাচনী ৰণত জয়ী হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ সমৰ্থকৰ মাজত বিৰাজ কিছে আনন্দ-উচাহৰ পৰিৱেশ। নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী যুঁজত জয়ী হোৱাৰ পাছতেই মন্তব্য কৰি কয়- দেশ স্বাধীন হোৱাৰ পাছৰে পৰা বহু কেইটা নিৰ্বাচন অনুষ্ঠিত হ'ল, কিন্তু এইবাৰৰ লোকসভা নিৰ্বাচনত আটাইতকৈ বেছি সংখ্যক ভোটাৰে ভোটদান কৰে।

Advertisment

প্ৰধানমন্ত্ৰী মোডীয়ে কয়- 'যদি নিৰ্বাচনত কোনো প্ৰাৰ্থী জয়ী হয়,তেন্তে সেয়া ভাৰতবাসীৰ জয়, গণতন্ত্ৰৰ জয়, সেয়েহে বিজেপি আৰু এন ডি এ-য়ে এই জয়ৰদেশৰ সৰ্বসাধাৰণক উচৰ্গা কৰিছে। মই সকলো জয়ী প্ৰাৰ্থীকে অভিনন্দন জনাইছো। কিন্তুকোন দলৰ বা ধৰ্মৰ তেওঁলোক প্ৰাৰ্থী সেয়া গুৰুত্বপূৰ্ণ নহয়।'

আজি দেশৰ কোটি কোটি নাগৰিকে এই ফকীৰৰ মোনা ভৰাই দিলে। মই ভাৰতৰ ১৩০ কোটি নাগৰিকৰ সন্মুখত মূৰ তল কৰি কৃতজ্ঞতা জনাইছো বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰাৰ লগতে কয়- 'আজি দিনটো মই ব্যস্ত আছিলো, সেয়েহে নিৰ্বাচনী ফলাফলত বেছি গুৰুত্ব দিব পৰা নাছিলো। মোৰ হাতত ফলাফল সন্দৰ্ভত বিশেষ একো তথ্যও নাছিল। কিন্তু মোক আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কিছু খবৰ দিছিল। তাৰ পাছত এই সন্দৰ্ভত সবিশেষ মই লাভ কৰিছিলো। তেওঁ মোক কেৱল কৈছিল যে, এতিয়া আৰু ৰাজনৈতিক পণ্ডিতসকলে ২০ দশকৰ চিন্তা-ধাৰাবোৰ সলনি কৰিব লাগিব।'