/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7ajgGCU8AA92rJ.jpg)
ডিজিটেল ডেস্কঃ দিল্লীত অনুষ্ঠিত বিজেপি নেতৃত্বাধীন এনডিএৰ বিধায়িনী বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এনডিএ আৰু বিজেপিৰ দলনেতা হিচাপে মনোনীত কৰা হয়। বৈঠকত বিজেপি আৰু মিত্ৰদলৰ নৱ নিৰ্বাচিত সাংসদ সকলৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী আৰু মুৰুলী মনোহৰ যোশীও উপস্থিত থাকে।
ভাৰতৰ সংবিধানৰ সন্মুখত মুৰ দোৱাই আৰম্ভ কৰা ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, 'জনতাই আমাৰ মনত থকা 'সেৱা ভাৱ'ৰ বাবেই আমাক পুনৰ এবাৰ গ্ৰহণ কৰিছে। যাৰ বাবে আমি ৰাজনীতি আৰু ক্ষমতাৰ পথেৰে আগ্ৰসৰ হওতে সদায় জনতাৰ সমস্যা সমূহ দূৰ কৰি তেওঁলোকৰ সহযোগৰ বাবে প্ৰস্তুত থাকিব লাগিব।'
'২০১৯ৰ লোকসভা নিৰ্বাচনে বাধাৰ প্ৰাচীৰ ভাঙি জনতাৰ হৃদয় সংযোগ কৰাৰ কাম কৰিছে। এই নিৰ্বাচন সমাজক একত্ৰিত কৰাৰ এক ব্যৱস্থা হিচাপে চিহ্নিত হৈ পৰিছিল। যাৰ বাবে এই নিৰ্বাচনে এক বিশেষ মান্যতা লাভ কৰিছে। জনতাই এটি নতুন যুগৰ সূচনা কৰিছে আৰু আমি সকলোবোৰ তাৰ সাক্ষী।' -এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
#WATCH Delhi: Narendra Modi bows before the Constitution of India before starting his address at the NDA parliamentary meeting. pic.twitter.com/wam9IkHBoG
— ANI (@ANI) May 25, 2019
প্ৰধানমন্ত্ৰী মোডীয়ে এনডিএ বিধায়িনী বৈঠক সম্বোধন কৰি কয়, 'এই ক্ষমতা বিশ্বাসৰ সূতাৰে বন্ধা। আমাক লৈ জনতাৰ অযুত বিশ্বাস আছে। সেই বিশ্বাস আমি অক্ষুণ্ণ ৰাখিব লাগিব। আজি আমি এই স্থানত উপনীত সেই বিশ্বাসৰ বাবেই হৈছো। তেওঁলোকে আমাক ভৰষা কৰি জয়ী কৰাইছে, এতিয়া আমি তেওঁৰ ভৰষাক জয়ী কৰাব লাগিব।'