কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ মন্ত্ৰী পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ

কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ মন্ত্ৰী পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ

author-image
asomiyapratidin
New Update
কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ মন্ত্ৰী পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ আগৰ মালৱাত ৰাজ্যখনৰ নগৰীয় প্ৰশাসন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ পুত্ৰ জয়বৰ্ধন সিঙৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ উত্থাপন হয়।

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ দেৱাস লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা ভজন গায়ক প্ৰহ্লাদ তিপানীয়াৰ হৈ জয়বৰ্ধন সিঙে এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছিল। জনসভাৰ অন্তত ৰাজ্যখনৰ একাংশ অতিথি শিক্ষকে জয়বৰ্ধনক সাক্ষাৎ কৰে আৰু মন্ত্ৰীগৰাকীৰ সন্মুখত তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰাপ্য দৰমহা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ দৰমহা নিয়মীয়া কৰিবলৈ আবেদন জনায়।

অতিথি শিক্ষকসকলৰ এই আবেদনৰ পিছতে জয়বৰ্ধন সিঙে জিলা শিক্ষা বিষয়াক মাতি আনি অতিথি শিক্ষকসকলৰ প্ৰাপ্য দৰমহা আদায় দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু নিৰ্বাচনী প্ৰচাৰ সভাতে এইদৰে অতিথি শিক্ষকক দৰমহা আদায় দি মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী স্বাৰ্থ সিদ্ধি কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগৰ কাষ চাপে বিজেপিয়ে।