/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/meghalaya.jpg)
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দুখন লোকসভা সমষ্টিৰ ফলাফল ইতিমধ্যে ছুড়ান্ত হৈছে। এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও তুৰা আৰু শ্বিলঙ সংসদীয় সমষ্টি দুটাত ক্ৰমে ক্ৰমে এন পি পি দলৰ প্ৰাৰ্থী অগাথা কে. চাংমা আৰু কংগ্ৰেছৰ ভিনচেন্ট এইচ. পালা জয়ী হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/juiiiilo.jpg)
শ্বিলং লোকসভা সমষ্টিত মুঠ ৭ লাখ ৮২ হাজাৰ ৬১১ টা ভোটৰ ভিতৰত বিজয়ী কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৪,১৯,২৩২ টা ভোট লাভ কৰে। আনহাতে সমষ্টিটোত ইডিপি দলৰ প্ৰাৰ্থীগৰাকীয়ে ২,৬৭,০৯৭ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে ৭৫ হাজাৰ ৭৯০ টা ভোট লাভেৰে তৃতীয় স্থানত থাকে বিজেপিৰ প্ৰাৰ্থী গৰাকী। এই সমষ্টিতটোত মুঠ নোটা ভোটৰ সংখ্যা হ'ল ৪৩৯৮ টা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/ad35edf9-5e37-4018-8f44-a57d212b983d-1024x768.jpg)
আনহাতে, তুৰা সমষ্টিত ৩ লাখ ৩ হাজাৰ ৮৯৫ টা ভোটেৰে জয়লাভ কৰে এন পি পি দলৰ প্ৰাৰ্থী অগাথা কে. চাংমা। সমষ্টিতটোত কংগ্ৰেছৰ ড' মুকুল চাংমাই ২ লাখ ৪০ হাজাৰ ১২৩ টা ভোট লাভ কৰে। বিজেপি প্ৰাৰ্থী গৰাকীয়ে তুৰা সংসদীয় সমষ্টিত ৩১,৩৮৪ টা ভোট লাভ কৰে। উল্লেখ্য যে, অগাথা কে. চাংমা হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভগ্নী। তুৰাত প'লিং হোৱা মুঠ ভোটৰ সংখ্যা ৫, ৮১, ৮৪৩ টা।