মিৰাটত ষ্ট্ৰং ৰুমৰ বাহিৰত তম্বু টানি বহিল এছপি-বিএছপি, কেমেৰা, দূৰবীণেৰে ইভিএমৰ ওপৰত নজৰ

মিৰাটত ষ্ট্ৰং ৰুমৰ বাহিৰত তম্বু টানি বহিল এছপি-বিএছপি, কেমেৰা, দূৰবীণেৰে ইভিএমৰ ওপৰত নজৰ

author-image
asomiyapratidin
New Update
মিৰাটত ষ্ট্ৰং ৰুমৰ বাহিৰত তম্বু টানি বহিল এছপি-বিএছপি, কেমেৰা, দূৰবীণেৰে ইভিএমৰ ওপৰত নজৰ

ডিজিটেল ডেস্কঃ ভোটগ্ৰহণৰ অন্তত ইভিএমৰ জালিয়াতি আৰু তাৰ অপপ্ৰয়োগ সন্দৰ্ভত বিভিন্ন স্থানৰ পৰা অভিযোগ উত্থাপন হোৱাৰ সময়তে উত্তৰ প্ৰদেশৰ মিৰাটত এছপি-বিএছপি মিত্ৰজোঁটৰ কৰ্মকৰ্তাই ষ্ট্ৰং ৰুমৰ বাহিৰত তম্বু টানি বহিছে। তম্বুৰ ভিতৰৰ পৰা ২৪ ঘন্টাই কৰ্মকৰ্তাসকলে কেমেৰা আৰু দূৰবীণৰ সহায়ত ষ্ট্ৰং ৰুমৰ ওপৰত সষ্টম দৃষ্টি ৰাখিছে যাতে ষ্ট্ৰং ৰুমত কোনো পক্ষই ইভিএম জালিয়াতিৰ দৰে ঘটনা সংঘটিত কৰিব নোৱাৰে।

ইফালে, ইভিএমৰ জালিয়াতিক লৈ উত্থাপন হোৱা অভিযোগক নিৰ্বাচন আয়োগে প্ৰাথমিক তদন্তৰ অন্তত ভিত্তিহীন আখ্যা দিয়াৰ লগতে ষ্ট্ৰং ৰুমত ইভিএম আৰু ভিভিপিএটি মেছিনসমূহ সম্পূৰ্ণ সুৰক্ষিত বুলি দাবী কৰে। লগতে আয়োগে এই সন্দৰ্ভত উত্থাপন কৰা অভিযোগৰ তৎকালীন নিষ্পত্তিৰ বাবে দিল্লীৰ মুখ্য কাৰ্যালয়ত এক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। আয়োগে জাৰি কৰা এক বিবৃতি অনুসৰি এই নিয়ন্ত্ৰণ কক্ষ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱালৈকে ২৪ ঘন্টাই সক্ৰিয় হৈ থাকিব। ইয়াৰ দ্বাৰা ইভিএম সন্দৰ্ভত উত্থাপিত অভিযোগৰ তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সদৰি কৰে আয়োগে।