মথুৰাপুৰত পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ভিৰ…VIDEO

মথুৰাপুৰত পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ভিৰ…VIDEO

author-image
asomiyapratidin
New Update
মথুৰাপুৰত পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ভিৰ…VIDEO

ডিজিটেল সংবাদ,  মথুৰাপুৰঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বৃহস্পতিবাৰৰ দিনটো পুৱাৰে পৰা চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তগৰ্ত মথুৰাপুৰত ভোটাৰ ৰাইজে ব্যাপক উৎসাহ- উদ্দীপনাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা দেখা গৈছে ৷

পুৱা ৭ বজাৰে পৰা অনুষ্ঠিত হোৱা চৰাইদেউ জিলাৰ প্ৰতিটো ভোট কেন্দ্ৰত লগতে মথুৰাপুৰ উঃমাঃ বিদ্যালয়, মথুৰাপুৰ আহঁতগুৰি প্ৰাথমিক বিদ্যালয়,১২৩নং চিৰিংপুখুৰী প্ৰাথমিক বিদ্যালয়ত ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰীপাতি ভিৰ কৰে ভোট কেন্দ্ৰসমূহত৷

প্ৰতিটো ভোট কেন্দ্ৰত ভোটাৰ ৰাইজে নিজৰ নিজৰ ভোটধিকাৰ সাব্যস্ত কৰিবলৈ হিল দল ভাঙি কেন্দ্ৰসমূহত ভিৰ কৰা পৰিলক্ষিত হয়৷ ইতিমধ্যে শান্তি পূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে ৷