/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/386982-rahul.jpg)
ডিজিটেল ডেস্কঃলোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ পাছতে পদত্যাগৰ সিদ্ধান্ত অটল অধ্যক্ষ তথা সভাপতি ৰাহুল গান্ধী। বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাই ৰাহুক এই সিদ্ধান্ত সলনি কৰিবলৈ অনুৰোধ জনাইছে যদিও ৰাহুলে স্পষ্ট কৰি দিছে যে এমাহৰ ভিতৰত দলে তেওৰ বিকল্প সন্ধান কৰক।
ৰাহুল গান্ধীৰ এই স্থিতিৰ পাছত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এতিয়া দলৰ সাংগাঠনিক ক্ষেত্ৰত কিছু সালসলনি কৰাৰ চিন্তা কৰিছে বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত খবৰ প্ৰকাশ পাইছে। আনহাতে এক সুত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাক সভাপতিৰ দায়িত্ব অৰ্পন কৰাৰ লগতে ৪ জন কাৰ্যকৰী সভাপতি নিযুক্তি দিয়াৰো চিন্তা-চৰ্চা চলিছে। এই চাৰিজন কাৰ্যকৰী সভাপতিয়ে দেশৰ চুকে-কোণে গৈ দলৰ সাংগাঠনিক ভেটি মজবুত কৰাত নিয়োজিত হ'ব। প্ৰাপ্ত খবৰ অনুসৰি, কংগ্ৰেছৰ ড° মনমোহন সিঙৰ দৰে নেতাক সভাপতি দায়িত্ব অৰ্পন কৰিব পাৰে কংগ্ৰেছে।
আনহাতে পদত্যাগৰ সিদ্ধান্তত অটল ৰাহুল গান্ধীক বহু নেতাই এই সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান জনাইছে। ডি এম কে ৰ নেতা এম কে ষ্টালিন, শীলা দীক্ষিতৰ দৰে নেতাই ৰাহুলক পদত্যাগ পত্ৰ ঘূৰাই ল'বলৈ আহ্বান কৰিছে।