/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/hardik-thappad-6.jpg)
ডিজিটেল ডেস্কঃ মঞ্চত ভাষণ দি থকাৰ সময়তে এজন ব্যক্তিৰ আক্ৰমণৰ বলি হ'ল কংগ্ৰেছ নেতা তথা পাটিদাৰ নেতা হাৰ্দিক পেটেল। শুকুৰবাৰে তেওঁৰ গৃহৰাজ্য গুজৰাটৰ সুৰেন্দ্ৰনগৰত এক নিৰ্বাচনী সভা সম্বোধন কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।
নিৰ্বাচনী সভাখনত হাৰ্দিক পেটেলে ভাষণ প্ৰদান কৰি থকাৰ মাজতে এজন মধ্যবৰ্ষীয় ব্যক্তি হঠাৎ মঞ্চত প্ৰৱেশ কৰে। বগা কুৰ্টা পায়জামা পৰিহিত লোকজনে আহিয়েই ভাষণ দি থকা হাৰ্দিক পেটেলক এটা চৰ শোধায়। উপস্থিতি জনতা তথা কংগ্ৰেছ নেতাগৰাকীয়ে তলকিব পৰাৰ আগেয়ে সংঘটিত হয় এই কাণ্ড।
জানিব পৰা মতে, হাৰ্দিক পেটেলৰ কংগ্ৰেছত যোগদান আৰু পাটিদাৰ আন্দোলনত শ্বহীদ হোৱা ১৪ গৰাকী লোকক লৈ ৰাজনীতি কৰাৰ অভিযোগতেই হাৰ্দিক পেটেলক লোকজনে আক্ৰমণ কৰে। লোকজনে কংগ্ৰেছ নেতাগৰাকীক চৰ শোধোৱাৰ পিছতে চিঞৰি চিঞৰি তেৱেই পাটিদাৰ সমষ্টিত ১৪ জনৰ মৃত্যুৰ জগৰীয়া বুলিও অভিযোগ কৰে।
#WATCH Congress leader Hardik Patel slapped during a rally in Surendranagar,Gujarat pic.twitter.com/VqhJVJ7Xc4
— ANI (@ANI) April 19, 2019
ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পিছতে উপস্থিত কংগ্ৰেছ সমৰ্থকসকলে লোকজনক আবদ্ধ কৰি প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি লোকজনক গণৰোষৰ পৰা উদ্ধাৰ কৰে। লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
ঘটনাৰ পিছত নিজৰ ভাষণ পুনৰ আৰম্ভ কৰি কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে তেওঁৰ বিৰুদ্ধে বিজেপিয়ে ষড়যন্ত্ৰ চলাই এই কুকাণ্ড সংঘটিত কৰা বুলি অভিযোগ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us